তুমি তেজস্বিনী
তুমি স্ৰোতস্বিনী
আধ্যাত্মিক শক্তিৰ প্ৰতিফলন
তুমি পৰিয়ালৰ স্পেচিয়েল ট্ৰেইনাৰ
তুমি পৰিয়ালৰ ৰিফ্লেকচন অব গড
সুস্থ পৰিবেশ সৃষ্টি কৰাৰ গৰাকী তুমি
তুমি আকাশৰ দৰে উদাৰ
পৃথিৱীৰ দৰে সহনশীল
তথাপি কেতিয়াবা হোৱা বজ্ৰৰ দৰে কঠিন
কেতিয়াবা আকৌ বৰফৰ দৰে শীতল
তোমাতেই নিহিত হৈ আছে অযুত শকতি
তুমি বিধাতাৰ এক অপূৰ্ব সৃষ্টি
তোমাৰ বুকুত লুকাই আছে
শত সহস্ৰ আশা
প্ৰেৰণাৰ অযুত তৰাৱলী , অলেখ দীপাৱলী
তুমিয়েতো সকলোকে দিব পাৰা
উদিত নৱ সুৰুযৰ দৰে
বহু সম্ভাৱনাৰ প্ৰতিশ্ৰুতি
ঘৰৰ গৃহিণী তুমি
ঘৰৰ লখিমী তুমি
জীৱনৰ প্ৰতিটো খোজৰ লগৰী তুমি
ধৈৰ্য আৰু সাহসৰ আমোঘ মন্ত্ৰদায়িনী তুমি
তোমাৰ পৰশে পৃথিৱীক যোগায় শিহৰণ
প্ৰাপ্তিৰ আনন্দত নাচি উঠে সকলোৰে মন
হে নাৰী তুমি অনন্যা ,
হে নাৰী তুমি অনন্যা ।