লিঙ্গ সমতা~প্ৰবন্ধ- ৰৌশনআৰা বেগম

©Admin
0
আমি জানো যে পৃথিৱীখন এক জৈৱিক বংশ বৃদ্ধিৰ দ্বাৰা পৰিচালিত। এক সুন্দৰ তথা বহনক্ষম ভৱিষ্যতৰ বাবে জৈৱিক বংশ বৃদ্ধি নিতান্তই প্ৰয়োজন। প্ৰাণী জীয়াই থাকিবলৈ সমানে সমানে উদ্ভিদৰো বংশ বৃদ্ধিৰ প্ৰয়োজন। অৰ্থাৎ পাৰিবেশিক ভাৰসাম্যতাৰ মাজতেই প্ৰাণীবোৰ জীয়াই থাকে।

 জীৱশ্ৰেষ্ঠ প্ৰাণী মানুহৰ মাজতো এক সুন্দৰ তথা বহনক্ষম ভৱিষ্যতৰ বাবে বংশ বৃদ্ধিৰ বিশেষ প্ৰয়োজন আছে। আমি জানো যে এক সুস্থ বহনক্ষম ভৱিষ্যতৰ কাৰণে বিশেষকৈ দুটা লিঙ্গ, পুলিঙ্গ আৰু স্ত্ৰীলিঙ্গৰ অতিকৈ প্ৰয়োজন; যাৰ কাৰণে উভয় লিঙ্গৰ মাজত সমতাৰ দৰকাৰ। 

 একেদৰে ৰাজনৈতিক ব্যৱস্থাত উভয় লিঙ্গৰ অংশগ্ৰহণ তথা উভয়ে সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা হিচাপে কাম কৰিলে আমাৰ দেশত নাৰী আন্দোলন হোৱাৰ সম্ভাৱনা নাথাকিব।

 আমি জানো লিঙ্গ অসমতাই সাৰ্বজনীন শিক্ষাৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত উভয় লিঙ্গক আগুৱাই লৈ যাব পাৰিলে, ভৱিষ্যতে এটা সুস্থ সবল জাতি গঠন হ'ব।

 আমি যদি পৰিৱেশ সম্পৰ্কে চিন্তা কৰোঁ, তেতিয়াও আমি ক'ব লাগিব এক সুস্থ, সুৰক্ষিত আৰু বহনক্ষম পৰিৱেশৰ বাবে লিঙ্গ সমতাৰ নিতান্তই প্ৰয়োজন।

 ঠিক একেদৰে আমাৰ এনে কিছুমান সেৱা আছে যিবোৰত পুৰুষৰ লগতে মহিলাৰো অংশগ্ৰহন অতিকে প্ৰয়োজন। অৰ্থাৎ উভয় লিঙ্গৰ জৰিয়তে দেশ এখনৰ অৰ্থনৈতিক প্রগতিৰ পথ সুচল হয়।

 পুৰুষৰ সমানে যদি নাৰী সকল শিক্ষিত হয় তেনেহ’লে তেওঁলোকে দেশৰ আইন কানুন আৰু নিজৰ দায়বদ্ধতা সম্পৰ্কে সজাগ হ'ব যিটো ৰাষ্ট্ৰৰ বাবে এটা ইতিবাচক দিশ।

 দেশৰ নিৰাপত্তা তথা দেশখনক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰতো উভয় লিঙ্গৰ মাজত সমতাৰ প্ৰয়োজন। এক সুস্থ বহনক্ষম ভৱিষ্যতৰ বাবে লিঙ্গ সমতাৰ প্ৰয়োজন আছে। যাৰ বাবে নাৰী সৱলীকৰণৰ প্ৰয়োজন। নাৰী সৱলীকৰণৰ জৰিয়তে বিশ্ব দৰবাৰত দেশ এখনে সম আদৰ্শৰ পৰিচয় দাঙি ধৰিব পাৰে। উদাহৰণস্বৰূপে, লাভলীনা বৰগোহাঁই, মেৰী কম আৰু হিমা দাস আদিয়ে পুৰুষৰ সমানে বিশ্ব দৰবাৰত জিলিকি উঠিবলৈ সক্ষম হৈছে।

 সামৰণিত আমি ক'ব পাৰো যে, লিঙ্গ সমতাই সকলো দিশত দেশ এখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব পাৰে সেয়া নিশ্চিত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)