উন্মাদ সময়

যুদ্ধবোৰে ভোক পলুৱায় নে ভোক বঢ়ায় ?
ৰক্তপানৰ হাবিয়াস পূৰায় নে তৃষ্ণাৰ অগনি জ্বলায় ?
মৃতকৰ টিলাত বিজয়ৰ ধ্বজা উৰুৱাব বিচৰা 
নিৰ্দয় হৃদয়ৰ কঠিনতা 
কি জড় পদাৰ্থৰ স'তে তুলনা কৰিব পৰা যায় ?
যুদ্ধৰ ৰং সদায় ধোঁৱা বৰণীয়া হয় আৰু
ৰঙা তেজত ওপঙি ৰয় প্ৰলয়ংকাৰী পৰিণাম,
শতিকা-শতিকালৈ...!
বিৰাট বিৰাট টেংকাৰৰ ভয়াল লানিবোৰে
দুঃস্বপ্ন হৈ টোপনি কাঢ়ে যুগ যুগলৈ আৰু
বোমা-বাৰুদৰ বিধ্বংসী শব্দবোৰ বাজি ৰয়
শ্ৰৱণ শক্তি অক্ষুণ্ণ থকালৈ...!
বুকু সুদা হোৱা পেটে ভোক পাহৰি যায় আৰু 
বিজয়ৰ বৰভোজ খোৱা সকলৰ
ভোকৰ উত্তেজনাই নতুন মাত্ৰা পায়,
ই যে উন্মাদ সময়ৰ
দিগন্ত জিনাৰ ৰাক্ষসী ক্ষুধা....

✍️ গৌতম মালাকাৰ
           কৰিমগঞ্জ

Post a Comment

Previous Post Next Post