একাঁজলী মানৱীয়তাৰ সন্ধানত

©Admin
0
মানৱীয়তাৰ জন অৰণ্যত 
ৰক্তেৰে ফাকু খেলিছে , 
হিংস্র মানৱৰ সমাজ লুণ্ঠনত
দেশ কঁপি উঠিছে ।
ন্যায়ৰ সন্ধানত ভোকাতুৰ আজিৰ সমাজ
ভদ্ৰজনৰো চকুত অশ্লীলতা , 
শিক্ষিত-জ্ঞানীৰ মুখতো 
নাই আজি মানৱতা ।
মুখা পিন্ধা সভ্য সমাজখনতো
ন্যায় বিচাৰি শব্দৰ প্ৰতিবাদ , 
নাই যে কোনো শুনোতা নাই
সৱে আজি আত্মকেন্দ্রিক ।
শ্বেয়াৰ মাৰ্কেটত আজি ন্যায়ৰ 
হৈছে ক্ৰয়-বিক্রয় , 
ইয়াৰ ক্ৰেতা-বিক্ৰেতা হ'ল 
সেই মুখা পিন্ধা সমাজ খন ।
চাৰিওফালে মাথোঁ গুঞ্জৰিত 
হত্যা , লুণ্ঠন আৰু আৰ্তনাদ , 
দুচকুৱে চাইও আজি 
সকলো নিমাত...
দস্যু- দানৱৰ সমাৱেশত 
অন্যায়ে ৰচিছে কলুষিত অধ্যায় , 
স্বাৰ্থ , অন্ধবিশ্বাসৰ মায়াজালত 
সকলো বন্দীপ্ৰায় ।
মাতৃ-ভগ্নীৰ হিয়াভগা কান্দোনত 
মুখবন্ধা আজিৰ সমাজখন , 
নিদ্ৰামগ্ন.. 
সকলো যেন ধৃতৰাষ্ট্ৰৰ ৰাজসভাৰ সভাসদ ।। 
   
     
     ✍পল্লৱ ৰয়
   গহপুৰ, বিশ্বনাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)