কবিৰ কবিতাৰ বাবে
তোক বিচাৰো কাষত
তই মোৰ কবিতাৰ উৎস
কবিতাই প্ৰাণ পায় উঠে ছন্দে ছন্দে ,
কবিৰ কবিতাৰ বাবে
তোক বিচাৰো কাষত
তোৰ প্ৰেৰণাত ডুবি
অসম্ভৱকো কৰো সম্ভৱ ।
কবিৰ কবিতাৰ বাবে
তোক বিচাৰো কাষত
তই মোৰ নীলকণ্ঠ চৰাই
তই খুটিয়াই দুৰ কৰ চিৰন্তন দুখক ,
কবিৰ কবিতাৰ বাবে
তোক বিচাৰো কাষত
ভোকত ভাত বিচাৰিলে তই দিবি
বল,তেজ, প্ৰাণৰ হেপাহৰ হৈ ভাত এমুঠি ,
কবিৰ কবিতাৰ বাবে
তোক বিচাৰো কাষত
পূৱালী আভাত তই এপাহ সূৰ্য্যমুখী ফুল ।
কবিৰ কবিতাৰ বাবে
তোক বিচাৰো কাষত
তই পিন্ধাব জান সত্য, শৃংখলাৰ আৰু সাহসৰ পোছাক ,
কবিৰ কবিতাৰ বাবে
তোক বিচাৰো কাষত
তই দিব লাগিব কবিৰ ঠিকনা
য'ত থাকিব বৈ মানুহৰ ভালপোৱা নদী
বিলাব দৰদী অন্তৰৰ দৰদী মৰম
যুগে যুগে চিৰদিন চিৰকাল ।
কবিৰ পৰিচয়ঃ নাং ননী বৰুৱা গগৈ, চেঙাখাত