মোৰ ৰেস্তোৰালৈ স্বাগতম | আতিকুৰ ৰহমান

©Admin
0
তুমি উত্তৰবিহীন বুলি
মই জানো ,
তুমি পিঞ্জৰাবদ্ধ বুলিও জানো , 
পিছে কি ল'বলৈ ভালপাবা তুমি ?
এপিয়লা বিষাদঘন চাহ
নে একাপ প্ৰেমময় উষ্ণ কফি
নে তুমি ল'বা এমুঠি ৰ'দৰ সৈতে
এপেগ জোনাক
নে চোবাব সুখ দুখৰ এমুঠি ঝালমুৰি... 
তুমি ইয়াত পাবা
ৰঙীন সপোনৰ চপ্
আৰু পাবা জীৱনৰ 
টেঙা-মিঠা-জলা চালাড্
অ'এটা কথা জানানে 
কিছুমান চিজনত
চকুপানীৰ জুচ খুবেই 
জনপ্রিয় হয় ইয়াত... 
ইচ্ছা কৰিলে তুমিও 
ল'ব পাৰা ইয়াৰ স্বাদ
অৱশ্যে একো নল'লেও কথা নাই , 
মোৰ ৰেস্তোৰাত যদি 
তুমি ব্যস্ত জীৱনৰ 
অলপ সময়ো পাৰ কৰাহি
মোৰ বাবে সেয়াই যথেষ্ট , 
পিছে এটা কথা নাপাহৰিবা
মোৰ ৰেস্তোৰাৰ পৰা 
ওলাই যোৱাৰ আগয়ে তুমি
দি যাবা অতিকৈ 
অমূল্য এক সম্পদ
তোমাৰ ওঁঠৰ এটি 
চেৰীফুল যেন হাঁহি । 
মোৰ ৰেস্তোৰালৈ স্বাগতম ।

লেখকৰ পৰিচয়ঃ আতিকুৰ ৰহমান 
অধিবক্তা,গুৱাহাটী উচ্চ ন্যায়ালয়,দীঘলীপুখুৰী, গুৱাহাটী-০১
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)