ভুলতো কাৰ আছিল ? -ধীৰাজ গোস্বামী

0
এটি বিশেষ নিশালৈ অপেক্ষা কৰিম
সিদিনাই বিচাৰিম আপোনাক আৰু সুধিম
ভুলতো কাৰ আছিল ? মোৰ নে আপোনাৰ...

হৃদয়খনক খুন্দিয়াই খুন্দিয়াই প্ৰশ্ন কৰিছিলোঁ তেতিয়াই
আপোনাক লগ পোৱাৰ পিছত...

উত্তৰ মাথোঁ এটাই আছিল
চকু দুটা নাথাকিলে ,আপোনাক নিবিচাৰিলোহেঁতেন
হৃদয়খন নাথাকিলে হয়তো অপেক্ষাই নকৰিলোহেঁতেন 
আপোনাৰ মৰম, ভালপোৱা ,স্পৰ্শ আৰু কিবা...

আপোনাৰ চাৱনিত যদি নাপালোহেঁতেন
মোৰ প্ৰেমৰ ডেউকা মৰাৰ বিশালতা
হয়তো ৰৈ নাথাকিলোহেঁতেন 
প্ৰেমৰ বৰষুণজাকৰ পিছত আকাশখন ওখ হোৱালৈ...

এদিন প্ৰেমৰ আদালতত  মইও প্ৰশ্ন তুলিম
আপোনাৰ হৃদয়খনৰ দাম কিমান
মৰমৰ ভৰ কিমান ,স্পৰ্শৰ উত্তাপ কিমান
প্ৰয়োজনৰ পৰিসৰ কিমান, সপোনৰ পৰিধি কিমান

যিদিনাই  আদালতৰ পৰা মই  ৰায় পাম
আপোনাৰ হৃদয়খনৰ দাম, মোৰ আবেগৰ সমান
মৰমৰ ভৰ  ,মোৰ বিশ্বাসৰ সমান
সিদিনাই অনুভৱ কৰিম 
স্পৰ্শৰ কিমান উত্তাপত এখন হৃদয় গলে
আবেদনময়ী প্ৰেমৰ দুহাতত হাত মিলে
প্ৰয়োজনৰ পৰিধিও কম্প্ৰমাইজ কৰে 
কিম্বা সপোনে সপোনত গজালি মেলে

সেই বিশেষ নিশাতে
লগ পাম আপোনাক, আৰু সুধিম
ভুলতো কাৰ আছিল 
মোৰ নে আপোনাৰ?

কবিৰ পৰিচয়ঃ ধীৰাজ গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)