কৃষ্ণচূড়া !
তুমিতো মোৰ বৰ প্ৰিয় !
শৈশৱ, কৈশোৰৰ
পাৰ কৰি অহা দিনৰ পৰাই
তুমি মোৰ বাবে
আজিও প্ৰিয় ।
কিন্তু !
তুমি ছাগে ভাবিছিলা
সুগন্ধি নোহোৱাৰ বাবে
পূজাত ব্যৱহাৰ নকৰাৰ বাবে
মোৰ তুমি অপ্ৰিয় হʼবা ।
সুগন্ধি নিবিলালেও
তুমি মোৰ বৰ প্ৰিয় !
কৃষ্ণচূড়া !
তোমাৰ সেউজীয়া সুবাসে ,
ৰক্ত পুষ্পই
কল্পনাৰ কাৰেংঘৰত
নৱ নৱ সৃষ্টিৰ পোখা মেলি
হৃদয়ত সাজি দিয়ে
জীৱনৰ সেন্দুৰীয়া বাট ।।
✍️ বিশ্বজিৎ সূত
বালিজান, চতিয়া, বিশ্বনাথ