উৰি ফুৰিছে কমোৱা তুলাবোৰ মনবোৰ চঞ্চল কৰিবলৈ ।
পলাশ-শিমলু ফুলিছে প্ৰকৃতিক নতুন সাজেৰে সজাবলৈ ,
আহিছে ৰিম্ঝিম্ বৰষুণ নূপুৰ বজাই
লঠঙা গছৰ ডালত কুঁহিপাত মেলাবলৈ ।
ফাগুন নামি আহিছে বগা বগলীৰ পাখিত ধৰি
সৰাপাতত নামিছে ফাগুন ,
ৰিব্ৰিব্ মলয়াত পলাশে নাচিছে ।
ধূলিয়ৰি বাটবোৰত মেঘালী চুলিটাৰি ৰূপালী হৈ
হৃদয় জোকাৰি সপোন জগাই তুলিছে ।
ফাগুন আহিছে চোৱা তেজৰঙা হৈ
লিৰিকি -বিদাৰি প্ৰকৃতিৰ বুকু।
নীলা আকাশে হাঁহে ,পক্ষীৰ কিৰিলিত
যৌৱনে সাৰ পাই উঠে ।
ভালপোৱাৰ ৰাগিনীত নাচে কমোৱা তুলা
চিনাকী সুৰে সুৰে অফুৰন্ত সম্ভাৰ লৈ
বসন্ত আহিব পাছে পাছে ।
উন্মনা হৃদয়ত তুলিব প্ৰেমৰ জোৱাৰ
হৃদয় নাচিব কমোৱা তুলা হৈ,
ধৰিত্ৰীক পিন্ধাব নতুন সাজ ফাগুনৰ ডেউকা মেলি ।
✍️ৰুমী কলিতা দত্ত
কেন্দুগুৰি(টিংখং)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ