জয়া - বিটুমনি কোঁছ

©Admin
0
সুন্দৰতাৰ প্ৰতীক জয়া
প্ৰেমৰ মধুৰতম জয়া।
সতীৰ মালিতা জয়া
গদাৰ সেন্দুৰ জয়া।
অসমীয়া নাৰীৰ স্বাভিমান
গৌৰৱৰ গীত জয়া।
নিৰীহৰ তেজেৰে কলংকিত
নায়ক লালুকসোলা বিদ্ৰোহী
তেজৰঙা জুইফুল জয়া।
শৰীৰত বোৱাই তেজৰ সুঁতি
স্বামীৰ প্ৰেমৰ নিৰ্দশন জয়া।
দেশ প্ৰেম , দেশ ভক্তিত
দৃঢ় সংকল্পবদ্ধ জয়া।
নিষ্পেষিত জনতাৰ
জয়ৰ ধ্বনি জয়া।
উপচি পৰা যৌৱনা নদীৰ
কৰুণ ঢৌ জয়া।
জেৰেঙা পথাৰ, জয় দৌল
স্মৃতিৰ সৌধ জয়া।
কুটকুৰা কাঁইট দেহত পিন্ধি
ইতিহাস গঢ়িলে জয়াই ।

কবিৰ পৰিচয়ঃ বিটুমনি কোঁছ
                     ধেমাজি (মাছখোৱা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)