কষ্টৰ সজাত আবদ্ধ মনটো
কেতিয়াবা উৰণীয়া হ'ব !
যতি নপৰা হাবিয়াস বোৰ
কেতিয়াবা বাস্তৱায়িত হ'ব !
নিশাৰ নিস্তব্ধতাত
মোৰ হৃদয়ৰ উচুপনি
কোনে শুনিব ?
ব্যস্ত পৃথিৱীত
মোৰ দুখ
কোনে বুজিব ?
চিনাকি মনবোৰ এতিয়া
অচিনাকি পথৰ যাত্ৰী..
বিফলতাৰ পাছতো যাওঁ
জীৱনৰ সংজ্ঞা বিচাৰি..
উফ্ এই জীৱন !
সময় বৈ যাব
বহু কথা কৈ যাব
মাথোঁ সুখী হ'ব পাৰিব লাগিব।
মনটোক নিজে জগাই
জীৱনক নিজে সজায় ।।
✍️গীতাশ্ৰী বড়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ