মাকোৰ খিটখিটনী
বাৰীৰ ঢাপৰ নাহৰ জোপাৰ
মিচিকিয়া হাঁহি
নিশ্চয় ক'ৰবাত
কিবা এটা হৈছে ।
মই মনেই কৰা নাছিলোঁ
ফুলনিৰ তগৰ জোপাৰ
কি সাজোন-কাচোন
মালতীৰ যে কি হাঁহি
কিবা এটা নহ'লে
এনে হ'ব পাৰেনে ?
চজিনা জোপাও
ডাল ভৰি ফুলিছে
কপৌ , কেতেকীৰ যে
ততেই নাই
ক'ৰবাত কিবা এটা
নহৈ পাৰেনে ?
গছৰ কুঁহিপাতৰ কথা
নকলোৱেই বা
প্ৰকৃতিৰ ইমান সাজোন-কাচোন
তাৰমানে
প্ৰকৃতিলৈ বসন্ত আহিছে
মোৰ অজ্ঞাতে ।।
কবিৰ পৰিচয়ঃ হেমেন হাজৰিকা
ৰাণী কাহিকুছি