দুৰভিসন্ধি-০১

©Admin
0
ইমনৰ মনত কালিৰ পৰা আনন্দই নধৰা হৈছে । তাক এইবাৰ গুৱাহাটীৰ মোমায়েকৰ ঘৰত কেইদিন মান থাকিবলৈ নিব । সি এইবাৰ পঞ্চম শ্ৰেণীৰ লগতে সি এজন মেধাৱী ছাত্ৰ আৰু সকলো ক্ষেত্ৰত সদায় আগবঢ়া । আৰু এদিন বাকী গৰম বন্ধলৈ , তাৰ গাত তত নাইকীয়া হৈছে । সি এইবাৰ তাত কিছুমান কিতাপ পঢ়িব আৰু গুৱাহাটীৰ নেদেখা ঠাইবোৰ চাবলৈ যাব । তাৰ মোমায়েক এজন শিক্ষক আৰু মামীয়েক এগৰাকী গৃহিণী । আজি ইমনৰ বিদ্যালয়ত এখনি সভা অনুষ্ঠিত কৰিছে । তাৰ মাক আৰু দেউতাক দুয়ো তালৈ গৈছে । সভাৰ আলোচ্য বিষয় আছিল “গৰম বন্ধত ছাত্ৰ-ছাত্ৰী সকলে কেনেদৰে সময় পাৰ কৰিব ?” সকলোকে ক'বলৈ দিয়া হ'ল । ইমনো উঠি গ'ল আৰু ক'লে সি এইবাৰ গৰম বন্ধত গুৱাহাটীলৈ যাব আৰু সমস্ত ভ্ৰমণ বৃত্তান্তৰ এটি টোকা প্ৰস্তুত কৰিব । তাৰ কথা শুনি শিক্ষাগুৰু সকল খুবেই আনন্দিত হ'ল । পাছদিনা সি ৰাতিপুৱা সোনকালে উঠি ওলাল মোমায়েকৰ ঘৰলৈ বুলি । তাৰ মোমায়েকে তাক লৈ যাবহি আৰু থৈও যাবহি । সি উঠি গৈ দাঁত ঘঁহি , মুখ-হাত ধুই মাক-দেউতাক , আইতাক আৰু তাৰ সৰু ভায়েকৰ লগত চাহ খাবলৈ বহিল । চাহ খাই থাকোঁতে মাকে ক'ব ধৰিলে “ইমন , তুমি এডোখৰ অচিনাকি ঠাইলৈ যাবা । গতিকে সাৱধানে থাকিবা , মামাৰ লগ নেৰিবা , তেওঁলোকৰ ঘৰৰ ওচৰতে থাকিবা , খেল-ধেমালি মামাৰ ল'ৰা কেইটাৰ লগতে কৰিবা আৰু অচিনাকি লোকৰ সংগত নাহিবা । আমি ফোন যোগে খবৰ লৈ থাকিম ।” দেউতাকে ক'লে ”যিহেতু অচিনাকি ঠাইলৈ যাবা গতিকে অলপ সাৱধান হ'বা , ভালদৰে থাকিবা , মামাৰ কথা শুনিবা।”  সি মাক-দেউতাকৰ সকলো বাক্য মনত ৰাখিম বুলি ক'লে আৰু গা ধুবলৈ স্নানাগাৰলৈ যাওঁতে তাৰ বন্ধু শ্যামল আহিল আৰু ক'লে “এইবাৰ মইও গুৱাহাটীলৈ যাম মাৰ লগত । লগ পাবও পাৰোঁ।”  সি উত্তৰ দিলে “পাম দে , চিৰিয়াখানা চাবলৈ গ'লে নিশ্চয় পাম।” এইবুলি শ্যামল ঘৰলৈ গ'ল আৰু সি স্নান কৰিবলৈ গ'ল । সি ফুৰ্তিত গা ধুই কেনেকৈ কাপোৰ পিন্ধে যেন লাগি আছে । সি গা ধুই থাকোঁতেই বাহিৰৰ পৰা কোনোবাই মাত লগালে "ঐ ইমন , ওলালি নে ?” সি গম পালে যে মোমায়েক আহি পাইছেহি । মাকে আহি মোমায়েকক বহিবলৈ কৈ পানী এগিলাচ খাবলৈ দিলে । সিও গা কেনেকৈ ধুইছে ঠিক নাই , ইফালে মোমায়েক পালেহিয়েই ! সি গা ধুই আহি মোমায়েকক দেখি আনন্দত জঁপিয়াই উঠিল আৰু ক'লে - "মামা আহিলে ? মই বহুত দেৰি আপোনালৈ বাট চালো ।” মোমায়েকে উত্তৰ দিলে - তোলৈও মামীয়েৰে বাট চাই আছে , সোনকালে ওলা । সি দৌৰি গৈ ৰুমত সোমাই মাকক ক'লে “মা , সোনকালে কাপোৰ দিয়া।” মাকে কলে “দিছোঁ , দিছোঁ ,  ৰহ।”  সি কাপোৰ পিন্ধি থাকোঁতেই তাৰ সৰু ভায়েকে সুধিলে “দাদা , তই যাৱগৈ ?” সি ক'লে “নহয় , কেইদিন মানৰ কাৰণেহে যাম আকৌ আহিমেই দেখোন ! তোক এৰি থাকিব পাৰোঁ নে বাৰু ?” সি কাপোৰ পিন্ধি ওলায় গ'ল । মোমায়েকক ক'লে “মামা ব'লা” । সি যাবলৈ ওলাল । মাকে কাপোৰৰ বেগটো আগবঢ়াই দিলে লগতে দেউতাক আৰু ভায়েকো ওলাল তাক আগবঢ়াবলৈ । সি গাড়ীত উঠিল বেগটো লৈ আৰু ক'লে “মা , দেউতা যাওঁ দেই আৰু ভাইটি বাই বাই !” মাকে ক'লে “যোৱা আৰু উৎপাত নকৰিবা ।” গাড়ী খন আগবাঢ়িল । মোমায়েকে কৈ গৈ আছে “মামীয়েৰাই মাংস ৰান্ধি থৈছে আৰু ভাইটিহঁতে সুধিয়েই আছে ইমন দাদা কেতিয়া আহিব ।” সি ক'লে “অ' মামা , ময়ো বহুত আশা কৰি আছোঁ ভাইটীহঁতক লগ পাবলৈ আৰু মামীক জুৰে সাবটি ধৰিবলৈ । যিহেতু তেওঁক লগ পোৱা বহু দিন হ'ল।” সি তাৰ ঘৰৰ পৰা টাউন পালেহি । মোমায়েকে তাক কেইটামান ফলৰ এটা ৰস কিনি দিলে লগতে এক আখি কল দিলে বাটত খাবলৈ । সিও ৰংমনে ল'লে । তাৰ পাছত যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰা আৰম্ভ হ'ল । সি এখন বহি উলিয়াই অনুভৱ বোৰ লিখিবলৈ ধৰিলে “আজি মই অসমৰ আটাইতকৈ ডাঙৰ মহানগৰ খনিলৈ গৈ আছোঁ , আনন্দই নধৰা হৈছে , ভাইটি আৰু মামীক লগ পাম।” অপৰাহ্ন হোৱাৰ সময়ত সিহঁত পালেহি । গাড়ীৰ পৰা নামিয়েই সি দেখিলে - মামীয়েক আৰু ভায়েকহঁতে তালৈ বাট চাই আছিল । সি দৌৰি গ'ল আৰু মামীয়েকক সাবটি ধৰিলে আৰু ভায়েকহঁতক মাতি মৰ্টন দিলে । মামীয়েকে তাক ভাল-বেয়া সুধিলে আৰু পানী , চাহ খাবলৈ দিলে । তাৰ কাপোৰৰ বেগটো মোমায়েকে গাড়ীৰ পৰা নমালে আৰু ভিতৰলৈ আনিলে। সি বহি ভায়েকহঁতৰ লগত কথা পাতিবলৈ ধৰিলে আৰু মামীয়েকে ভাত বাহিবলৈ গ'ল । মোমায়েকে ক'বলৈ ধৰিলে “হেৰা , ইমনৰ ভোক লাগিছে নহয় ,ভাত বাহি দিয়া ।” উত্তৰ দিলে মামীয়েকে “বাহি আছোঁ।” তাক প্ৰথমতে ভৰি-হাত ধুই আহিবলৈ মামীয়েকে ক'লে । সি ধুই আহি ভাত খালে আৰু মামীয়েকক ক'লে “মামী ইমান ধুনীয়া ৰান্ধিছা , ভাল লাগিল খাই ।” তাৰপৰা সি তাক দিয়া কোঠাটোত ভাত খাই শুবলৈ গ'ল। প্ৰায় সাত মান বজাত সি উঠিল আৰু দেখিলে মোমায়েক-মামীয়েকহঁতে চাহ কৰি আছে । ভায়েক দুটাই চাই আছে । মোমায়েকে পকৰী , চানা ইত্যাদি বজাৰৰ পৰা আনিলেগৈ । সি ওলায় গ'ল । মামীয়েকে ক'লে “ইমন উঠিলা ? আমি চাহ কৰিছোঁ ৰ'বা ,তুমি  মুখখন ধুই লোৱা আৰু আগৰ কোঠালৈ ব'লা। মই চাহ লৈ তালৈ যাওঁ ।" ভাইকেইটাই তাক কলে “দাদা , দেউতাই চানা আনিছে আৰু গৰম গৰম পকৰী আনিছে । ব'লা সোনকালে কৰা।” ইমনে কলে “অঃ বলা মোৰ হ'ল।” সি গ'ল আৰু চাহ খালে । মোমায়েকে আলোচনা কৰাৰ সুৰেৰে ক'বলৈ ধৰিলে “ইমন তুমি ক'ত ক'ত ফুৰিব বিচাৰা ?” সি ক'লে “মামা গুৱাহাটীত বহুতো চাব লগা আছে , মোক গুৱাহাটী তাৰকাগৃহ আৰু চিৰিয়াখানালৈ নিলেই হ'ব আৰু চাবলৈ নাযাওঁ কাৰণ আকৌ পাছৰ বছৰ আহিলে কি চাম এতিয়াই যদি চাওঁ সকলো ?” তাৰ কথা শুনি মোমায়েক আৰু মামীয়েকে হাঁহিবলৈ ধৰিলে । সিও হাঁহিলে আকৌ ক'লে “সঁচা কৈছোঁ।” মামীয়েকে কৈছে “হেৰি , ই ঠিকেই কৈছে । এইবাৰ যদি সকলো চাই আকৌ আহিলে চাব নোৱাৰিব দেখোন।”  মোমায়েকে ক'লে “হ'ব বাৰু ; আমি পৰহিলৈ যাম । কাইলৈ দিনটো বিশ্রাম লৈ লওঁ নে কি কোৱা ইমন ?” ইমনে ফুৰ্তিৰে ক'লে “অ মামা , ভাল কথা।” এইবুলি সি ভায়েকহঁতৰ লগত সিহঁতৰ পঢ়া কোঠালৈ গ'ল আৰু মোমায়েকে টিভি চাবলৈ ল'লে মামীয়েকৰ লগত । সি ভায়েকহঁতক সুধিলে “সৰু ভাইটি এইবাৰ কোন শ্ৰেণীত তুমি ?” সি ক'লে “এইবাৰ ক্লাছ ২ ত।” ইমনে ক'লে “ভালদৰে পঢ়া ,ডাঙৰ মানুহ হ'ব লাগিব নহয় দেউতাৰ দৰে । আমাক পাহৰি নাযাবা আকৌ।” ডাঙৰ টোৱে ক'লে “দাদা নাপাহৰো , তুমি দিয়া মৰম আমি পাহৰিব নোৱাৰিম । তুমি এইবাৰ পঞ্চম শ্ৰেণীত নহয় জানো ?” ইমনে ক'লে “হয় এইবাৰ পঞ্চম শ্ৰেণীত ,এতিয়া পঢ়া । কিবা নোৱাৰিলে মই শিকাই দিম। ” এইবুলি কৈ সি এখন কিতাপ হাতত তুলি ল'লে যিখন এখন অভিধান আছিল কিন্তু সৰু । তাত সি কিছুমান শব্দ পঢ়িলে আৰু দুটা মান শব্দ মনত ৰাখিলে আৰু মনতে ক'লে “মামাই ইমান ধুনীয়া কিতাপ ৰাখি থৈছে । ” সি এটা শব্দত ইমান গুৰুত্ব দিলে সেইটো পাহৰিব নোৱাৰিলে । সেই শব্দটো হ'ল ‘দুৰভিসন্ধি’ । যাৰ অৰ্থ হ'ল ষড়যন্ত্ৰ । এটা জাননী যেন তাৰ কাণত পৰিছিল কিন্তু সেইটো সি স্পষ্টকৈ বুজি পোৱাত যথেষ্ট জটিলতা আহিছিল । সি ভাবি থাকিল আৰু বুজিব নোৱাৰি কিতাপ খন এৰি দিলে ,কিন্তু তাৰ মনত এনেকুৱা ভাৱ আহিছিল যে তাক লৈ কোনোবাই দুৰভিসন্ধি কৰিব । সাঁথৰ হৈ পৰিছিল এইটো । সি কিছু সময়ৰ পাছত উঠি গৈ এগিলাচ পানী খালে আৰু মামীয়েকৰ ওচৰলৈ আহি ক'লে “মামী , মোৰ ভয় লাগিছে । কোনোবাই মোক লৈ ষড়যন্ত্ৰ কৰিব যেন অনুভৱ হৈছে । বিহ্বলতাই আবৰি ধৰিছে মনটো।” মামীয়েকে সান্ত্বনা দি ক'লে “সোণ , ভয় নকৰিবা মই আছোঁ , মামা আছে আৰু মা-দেউতাৰ আশীৰ্বাদ আছে । ভয়াৰ্ত ভাৱ আঁতৰোৱা মনৰ পৰা। এতিয়া যোৱা মামাৰ ওচৰলৈ ।” সি মামীয়েকৰ কথা শুনি শান্ত মনে মোমায়েকৰ কাষলৈ গ'ল। অলপ টিভি চাই মোমায়েকক সুধিলে “মামা , মই যদি কেনেবাকৈ পৰহিলৈ ফুৰিবলজ যাওঁতে হেৰাই যাওঁ তেতিয়া কি কৰিম ?” মোমায়েকে হতচকিত হৈ ক'বলৈ ধৰিলে “ইমন , কি কৈছা এইবোৰ ? মই থাকিম একো নহয় তোমাৰ । তুমি ভয় কৰি নাথাকিবা , নহ'লে যাব নোৱাৰিবা । কিন্তু যদি ক'ৰবাত হাত এৰাই যায় তেতিয়া তুমি ২৬৬৬৫৪০ লেণ্ডলাইন নম্বৰত ফোন এটা কৰি দিবা মই সেই ঠাই পাই যামগৈ । ভগৱানে কৰাত একো হানি-বিঘিনি নহ'লেই হয় আৰু কৃষ্ণ ।” এনেকুৱাতে মামীয়েকে মাতিলে “হেৰি শুনিছে নে ? ইমন ভাত খাই লোৱাহি , মইনাহঁত আহা ভাত হৈ গৈছে ।” ভাত খাবলৈ বুলি সকলো টেবুলত বহিল আৰু সকলোৱে একেলগে বহি ভাত খাবলৈ ল'লে। মাংসৰ জোল , পদুনা চাটনি , দাইলৰ সতে ভাত সকলোৱে তৃপ্তি পেলাই খালে । খোৱা-বোৱা হোৱাৰ পাছত সকলো শুবলৈ  শোৱাপাটীলৈ গ'ল। ইমনে সকলোকে “গুদ নাইট” ক'লে আৰু এটা সুন্দৰ দিনৰ আৰম্ভণিৰ বাবে শুই পৰিল । 


     আগলৈ.........

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)