দহি থাকে বুকুৰ কোনোবাখিনিত ,
সেই যে স্বাভিমানী প্ৰতিবাদী বুকুখন
আৰু বুলেটে তচনচ কৰা বুকুৱেদি নিগৰা
ৰঙাবোৰ , কেঁচা তেজবোৰ
সকলোৱেই প্ৰায়ে দহে
আমাৰ দৰে অসহায় প্ৰাণীবোৰক ,
আমি নতুন সপোন দেখোঁ
আচলতে দেখিবলৈ বাধ্য হওঁ
সন্মুখত সাঁচি ৰাখি উত্তৰ পুৰুষৰ ভৱিষ্যত ৷
ফাগুনকো ঠিক তেনেকৈ দহে সময়ে
শিমলুবোৰ ফুলে আৰু সৰি পৰে ,
সপোন লঠঙা গছবোৰেও দেখে
এদিনতো ব'হাগ আহিবই
বহাগক আদৰিবলৈ বৰষুণজাকো আহিব ৷
ঠিক তেতিয়াই কুঁহিপাত ওলাব
সেউজীয়াময় হ’ব চৌদিশ ,
আমিবোৰো ৰৈ থাকোঁ
ভাল দিনৰ আশাত
যিদৰে ৰৈ থাকে প্ৰকৃতি..
▪️ডাঃ প্ৰণৱ কুমাৰ চক্ৰৱৰ্ত্তী
নলবাৰী,