অনুভৱ | ছাইফুদ্দিন আহমেদ

অনুভৱৰ সাগৰত
উকা কাগজত 
আজি,
নিচাগ্ৰস্ত প্ৰেমিকৰ;
কলমটোৱে যে
শব্দ বিচাৰি আছে  
হাহাকাৰ কৰি!!
প্ৰেমিকাৰ নামত 
প্ৰেমৰ কবিতা 
লিখিব বুলি!!
সৰগৰ পৰাও 
আহিলে গৈ
একাজলি অনুভৱ লৈ৷
প্ৰেয়সীৰ নামত
পৰিভ্ৰমী 
চৰাইবোৰৰ হাতত,
কলিজাৰ কোষ ফালি 
পঠাইছে হৃদয় জুৰোৱা 
অনুভৱৰ টোপোলা এটি ৷৷


             ✍🏻ছাইফুদ্দিন আহমেদ
                         বৰছলা।

Post a Comment

Previous Post Next Post