ফাগুনে ৰঙা ৰঙা শিমলুবোৰ
চুই চোৱাৰ সময়;
আবেলি আবেলি লগাসন্ধিয়াটোভাহি
উঠে গালে মুখে।
অনুচৰৰ দৰে পিয়াপি দি ফুৰিছে শব্দবোৰ
এটা যুগৰ বিৰতিৰ
পিছত
বৰষুনৰ সৈতে
তুমি অহাৰ
বতৰা।
ঠিকনা বিহীন
বতাহৰ কোবাল গতি
যেন যাদু হে।
চুই চালো
তোমাক নোকোৱাকৈ
বেয়াটো নোপোৱা
ছাগৈ??
✍️হেমপ্ৰভা বৰা শইকীয়া।
নগাও(অসম)