ফাগুনৰ চিত্ৰ -ববী দত্ত

Aditi Tanti
0
কিহৰ অন্বেষণত ৰঙৰ প্ৰজ্ঞাদৃষ্টি
কাৰ মুকলিমূৰীয়া হাঁহিত ৰঙৰ সন্তুষ্টি ?
ক্লান্তিহীন ফাগুনৰ বন্দনাত মদাৰৰ বিনম্ৰ আহ্বান
তেজত জুই ফুল ফুলে
মদাৰত জুই
শিমলুত জুই
প্ৰাণৰ উমসনা উতনুৱা উপলব্ধিত
মৌপিয়াৰ উচটনি গীত গোৱা 
এজাক দুষ্ট বতাহৰ সঘন বিচৰণ।

অংকিত
সম্ভাৱনাৰ এক নিৰ্ভেজাল জীৱন্ত প্ৰতিচ্ছৱি

হেৰাই যাব যেন নিমিষতে ভাৱনাৰ নিৰন্তৰ স্বপ্ন
এচেৰেঙা কেঁচা ৰ'দত জিলমিল শিমলুৰ সত্য
ফাগুনৰ সুদূৰ প্ৰসাৰিত আঙুলিৰ স্পৰ্শিত নৃত্য

প্ৰজাপতি মনৰ মাধুৰী হেনো নিচেই আপোন
ফাগুনী ফাগুনী লগা হৃদয় বকৰাণিত
জকমকাই ফুলি উঠে আকাংক্ষিত
এজাক ভৰযৌৱনা শিমলুৰ উতনুৱা সপোন।

সৰা পাতৰ নাচোনত বতাহৰ গুণগুণনি
অভাবিতৰূপে 
ফাগুন ! তই বৰ কৰুণাময়ী 

কাৰ দিচাং বুকু উদং কৰি
সিঁচি দিলি তই শূন্যতাৰ বীজ ?
লঠঙা বৃক্ষত দুখৰ পোছাক পিন্ধাই
অনাগত সুখৰ সেউজ সংকেত দিয়াত অভ্যস্ত তই
দুষ্ট ফাগুন !
নীতিবিধায়কৰ সতৰ্কতাৰে মুখৰিত 
তোৰ নিৰুগী প্ৰেমৰ গুঞ্জন
পুনৰ সেউজী পোছাক দানৰ প্ৰতিশ্ৰুতিৰে
তোৰ প্ৰগাঢ় ৰূপায়ণ।












Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)