উৰুখা পঁজাৰ এক অনুভৱ -নৱজিৎ নাথ

Aditi Tanti
0
উৰুখা পঁজাটিয়ে মোৰ                     
অঘৰী পথৰ এটি ঠিকনা।।
এই পঁজাটিত বিচাৰি পাও ,
জীৱনৰ সোণোৱালী দিন বোৰ।।
মাদকতাৰে ভৰা সপোনবোৰ ,
মনত ভাহি আহা শৈশৱৰ ধূলি-বালি ,
নৈৰ লগত খেলা সোণোৱালী 
দিন বোৰ ....................।।        

উৰুখা পঁজাৰ মাজত দেখা পাও , 
প্ৰকৃতিৰ শ্যামলা সৌন্দৰ্যৰ আভাবোৰ । 
অস্তগামি সুৰুযৰ হেঙুলীয়া 
ৰহণ সনা মনোৰম দৃশ্যবোৰ..।।      

উৰুখা পঁজাৰ মাজত শুনা পাও ,
জান-জুৰি , নৈ-নিজৰাৰ মাজেৰে যোৱা 
জিৰি-জিৰি শব্দ বোৰ ।।
দূৰৰ পথাৰত ভাহি অহা 
ৰিণিকি ৰিণিকি বাঁহীৰ 
অমিয়া ৰাগবোৰ............।।            

উৰুখা পঁজাৰ মাজতে 
অনুভৱ কৰোঁ বেলিৰ কিৰণৰ উত্তাপবোৰ ।
ৰিবৰিবকৈ বলা মৃদু বতাহ 
আৰু শীত কালৰ আবেলি
অনুভৱৰ সময় বোৰ....।।       

উৰুখা পঁজাৰ মাজত দেখা 
পাও সময়ৰ পৰিৱৰ্তনবোৰ।। 
কেতিয়াবা সন্ধিয়া আকাশত  
তৰা তিৰবিৰণি , আকৌ 
কেতিয়াবা ক'লা মেঘে ঢাকি 
ৰখা ভাৱৰীয়া দৃশ্য । 
এনেদৰে আকৌ পাৰ হয় পিছদিনাৰ দিন ।
আমনি কৰে মাথোঁ , সময় , দিন , মাহ , বছৰে.....।।       


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)