তুচ্ছ জ্ঞান কৰি সৃষ্টিৰ বীজ
সিঁচি সাতোৰঙী ৰামধেনুৰ
ৰঙেৰে জগত পোহৰাই
তোলা দুৰ্জেয় নাৰী তোমাক
যাচিছোঁ শতকৌটি প্ৰণাম,
তোমাৰ ত্যাগৰ বাবেই ফুলি
উঠে মৰুভূমিৰ বালিতো
হাস্নাহানাৰ হাঁহি,
তোমাৰ পৰশত কলি মেলে
আধৰুৱা সপোনৰ কোমলীয়া
পাহি,
তুমি দুৰ্জেয়, তুমি অজেয়
তুমিয়েই সৃষ্টি, তুমিয়েই অনন্ত।
নাৰী তুমি অনন্যা,
সময়ত তুমি সাবিত্ৰী,
সময়ত তুমি দুৰ্গা,
সৃষ্টিৰ সুবাস সিঁচি মমতাৰ
আঁচলেৰে সকলোকে আবৰি
ৰাখি হাজাৰ দুৰ্যোগৰ
সময়তো শক্তিশালী হৈ
থিয় দিয়া তুমিয়ে আমাৰ
মা হোৱা।
হে মমতাময়ী দুৰ্জেয় নাৰী
তোমাক যাচিছোঁ শতকৌটি
প্ৰণাম।।