অসভ্য সভ্যতাৰ কোলাহল- গৌতম মালাকাৰ

ইতিহাসৰ পৃষ্ঠা কণ্ঠস্থ কৰোঁতে
কেতিয়াও হৃদয়ঙ্গম কৰা নাছিলোঁ
যুদ্ধৰ বিভীষিকাময় প্ৰহৰৰ বাস্তৱিকতা...

প্ৰতিটো বাৰুদে বৰষিছে দুঃসময় !
বিস্ফোৰণৰ অট্টহাস্যত
বাংকাৰৰ কঠোৰতাও কঁপি উঠিছে ,
ৰৈ ৰৈ উচুপি উঠিছে 
মৃত্যু দূতৰ অহংকাৰী হুংকাৰত !

আজি আকাশৰ আসুৰিক আস্ফালন ,
পলে পলে প্ৰোৎসাদন শ্ৰীমন্ত সৃষ্টিৰ...

মুহূৰ্ত্তে মুহূৰ্ত্তে মৃত্যু কাষ চাপি আহে ,
কাৰোবাৰ বাবে নিমিষতে ৰাম নাম সত্য হয় আৰু
আন কাৰোবাৰ ডায়েৰীত লিপিবদ্ধ হয়
হিয়া থকা-সৰকা কৰা ভয়ংকৰ যন্ত্ৰণাৰ অভিজ্ঞতা !

প্ৰতিটো ক্ষণত মৃত্যু প্ৰত্যক্ষ কৰিব পৰাকৈ
মই মোৰ হৃদয়ক 
কঠিন শিলৰ চোলা পিন্ধাব‌ পৰা নাই ,
দুখৰ বোজা কিমান গধূৰ (?)
এতিয়াও সঠিককৈ বুজিব পৰা নাই !

জীয়াই থকাৰ অংক কিমান (!) জটিল
সেয়া মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ ,
জীৱন মূল্যহীন 
নে জীৱনৰ মূল্য অপৰিসীম ?
পৰ্যালোচনা কৰিব বিচাৰিছোঁ পুনঃ পুনঃ ...

মৰিশালিত মাৰিব খোজা বিজয়ৰ হাঁহিৰ 
অৰ্থ বুজিব পৰাকৈ 
মই জ্ঞান আহৰণ কৰিব পৰা নাই ।
এই ধ্বংস , এই বিচ্ছেদ , এই যন্ত্ৰণা...
সহিব পৰাকৈ সাহসী হোৱাৰ প্ৰেৰণা
মোৰ বিবেকে কাহানিও বিচৰা নাই ।
মোক শান্তি লাগে ,
মোক হাঁহি লাগে ,
ঠিক নিষ্পাপ-নিৰ্মল শিশুবোৰৰ দৰে...

✍️গৌতম মালাকাৰ
           কৰিমগঞ্জ

Post a Comment

Previous Post Next Post