পছোৱা ফাগুন -চিন্ময় ডেকা

Aditi Tanti
0
দুদিনীয়া জীৱনত
প্ৰকৃতিৰ নতুনত্বৰ বতৰা 
অপৰূপ সৌন্দৰ্য্যৰ মধুৰতা ।
কি দৰে বুজাওঁ ,
নৈসৰ্গিক পৰিৱৰ্তনৰ মাধুর্য্যতা
ছায়া ভৰা মন পৰশা
সপোনৰ নান্দনিক দৃশ্যৰাজি 
ৰঙা ফুলৰ স্পন্দনত উদ্ভাসিত 
শিমলু , পলাশ , মদাৰ 
অলেখ উৎকণ্ঠাৰ শোভা বৰ্ষণ 
কঢ়িয়াই আনিছে প্ৰকৃতিৰ বুকুলৈ ,
সৰা পাতে পছোৱা ফাগুন ।
গহীন-গম্ভীৰ ,
আকাশে-বতাহে মুখৰিত কৰি তুলিছে
বৰষাৰ নৱ-সম্ভাৰ ।
চৌপাশ বিভূষিত কৰি তোলে ,
পছোৱা ফাগুনে লুকা-ফাকু খেলে
ধূলিয়ৰি বাটেৰে বৰদৈচিলা আহে
মায়াসনা মন চঞ্চলা 
অপূৰ্ব সমাহাৰে পৰিপূৰ্ণ ভাতৃত্ববোধৰ আকুলতা 
প্ৰকৃতিৰ বুকুলৈ নতুনত্বক আঁকোৱালি
পছোৱা ফাগুনে যেন নূপুৰ পিন্ধায় ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)