স্বপ্নভংগৰ কাতৰত | হিমাংশু শৰ্মা

Rinku Rajowar
0
বৰ্তমান সময়ত আমি বিভিন্ন ঘটনা পৰিঘটনাৰ সন্মুখীন হোৱা দেখা যায়। সেয়া লাগিলে ৰাজনৈতিকে হওঁক বা মহামাৰীয়ে হওঁক বা দুৰ্ভিক্ষই হওঁক। হয়, এয়া একবিংশ শতিকা এতিয়া বিজ্ঞানৰ যোগ কিন্তু তেনে পৰিপ্ৰেক্ষিতত আমি ভাবিবলৈ এৰি দিয়া কিছুমান কথা বা সাধু সাধু যেন লগা ঘটনা ঘটিবলৈ ধৰিছে। সেয়া লাগিলে অসমেই হওঁক বা ভাৰতেই হওঁক বা সমগ্ৰ বিশ্বব্যাপী। যিয়েই নহওঁক, আমি শুনিছলো বিপ্লৱ আন্দোলনৰ কথা। হাজাৰ হাজাৰ মানুহে কৰা প্ৰতিবাদ আন্দোলন। তাৰ সমান্তৰালকৈ আন্দোলনৰ শ্বহীদ সকলৰ কথাও যি আমি বৰ্তমানো শ্ৰদ্ধাঞ্জলি জনাই আহিছোঁ। সেই সকল শ্বহীদৰ বলিদানৰ বাবেই আজি আমি আমাৰ দেশ আমাৰ ৰাজ্য বুলি বুকু ফিন্দাই কব পাৰোঁ। আমি ভবা নাছিলো যে আমিও এদিন আন্দোলন দেখিবলৈ পাম। কিন্তু সকলো ভবা কথাই জানো সিদ্ধি লাভ কৰে। তেনে নহয়, আমিও এই একবিংশ শতিকাত আন্দোলন কৰিলো, যি সমগ্ৰ অসম কঁপাই যোৱা আন্দোলন । যান জত, ঘৰ দুৱাৰৰ লগতে দুদিন ধৰি ইণ্টাৰনেট কৰ্তন কৰা লৈকে। আমি শুনিছিলো শ্বহীদ সকলৰ কথা যি আন্দোলন কৰিব যাওঁতে লাঠীৰ আঘাতত মৃত্যু হোৱা, বুকুত গুলি খাই মৃত্যুক সাৱটি লোৱা। কিন্তু সেই সময় আৰু আজিৰ সময়ৰ মাজত বহু ব্যৱধান আছে। এইখন পৃথিৱীতে আজিৰ পৰা প্ৰায় 100 বছৰ আগতে এবাৰ এক মহামাৰিয়ে সংগ্ৰহ পৃথিৱীত ত্ৰাস চলাইছিল। এই কথা আমি আমাৰ বৃদ্ধ জনৰ পৰা শুনিছোঁ। কিন্তু কেতিয়া শুনিছোঁ, যেতিয়া 2020 চনৰ প্ৰথমতে সমগ্ৰহ বিশ্বত কভিড মহামাৰীৰ তাণ্ডব চলিলে । বৃদ্ধ লোকসকলে কোৱা অনুসৰি 100 বছৰ আগেয়ে হেনো আজিৰ দৰে হাজাৰ হাজাৰ মানুহ মৃত্যু মুখত পৰিছিল। আৰু এয়া 100 বছৰৰ মূৰে মূৰে হোৱা এক পৰিঘটনা। কিন্তু তেতিয়াৰ সময় আজিৰ দিনবোৰত কৈ বেলেগ আছিল । কাৰণ তেতিয়া বিজ্ঞান প্ৰযুক্তিয়ে গা কৰি উঠা নাছিল । কিন্তু আজিৰ এই পৃথিৱীত বিজ্ঞানে বহুখিনি আগুৱাই গৈছে। তথাপিও আজি আমি প্ৰায় দুবছৰৰ ধৰি ভয় ভয় কৈ জীয়াই মহামাৰীৰ সৈতে যুঁজ দিয়েই আছোঁ । সৌ সিদিনা আফগানিস্তান দখল কৰিলে বিশ্ব জুৰি শন্ত্ৰাসবাদ আখ্যা দিয়া তালিবানৰ সংগঠনটোৱে, যিখন আফগানিস্তানতে জন্ম লাভ কৰিছিল ভয়াবহ শত্ৰাসবাদী সংগঠনটোৱে। বহু বাৰ আক্ৰমণ কৰি কৰি তৃতীয় বাৰত বিশ্বৰ এখন সৰু দেশ আফগানিস্তানত  বৰ্তমান তালিবানী শাসন। এয়া কিহৰ আগজাননী? এতিয়া আহিছোঁ বৰ্তমান ঘটি থকা ঘটনা এটালৈ। আমি শুনিছিলো বা কিতাপত পঢ়িব পাইছিলো যে যুদ্ধ কি। আমি পঢ়িছোঁ প্ৰথম বিশ্ব যুদ্ধ দ্বিতীয় বিশ্বযুদ্ধৰ কথা। খুব মনাযোগেৰে পঢ়ি থাকোঁতে এটা কথা বাৰে আহিছিল যে এতিয়া যদি এবাৰ তৃতীয় বিশ্ব যুদ্ধ হয় কি হব। এই কথাটো এইকাৰণে ভাৱ আহিছিল যে প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ কথা পঢ়ি থাকোতেই আমাৰ চকুৰ আগত ভাঁহি আছিল কিছুমান দৃশ্য। আজি ডাঙৰ হলো আজিলৈকে ভবা নাই যে তৃতীয় বিশ্বযুদ্ধ হব পাৰে। কাৰণ তেতিয়াৰ যুদ্ধৰ কাৰণবোৰ বেলেগ বেলেগ আছিল। সেই সময়ত আজিৰ দৰে প্ৰযুক্তি বিদ্যাৰ জৰিয়তে যোগাযোগ বাট সূচল নাছিল। কিন্তু আজি সেই কাহানিও ভাবিব নোৱাৰা এটা বাতৰি। সেয়া লাগিলে সামাজিক মাধ্যমেই হওঁক বাতৰি কাকতেই হওঁক বা টেলিভিছনৰ বাতাৰিয়েই হওঁক আকৌ যুদ্ধ , তৃতীয় বিশ্ব যুদ্ধ, কোনোৱে কয় এয়া গৃহ যুদ্ধ। হয় মই কব বিচাৰিছোঁ বৰ্তমান সমগ্র বিশ্ব জুৰি চৰ্চা হৈ থকা এখন ভয়াবহ যুদ্ধ। দুখন ৰাষ্ট্ৰ , এখন বিশ্বৰ তৃতীয়তম শক্তিশালী ৰাষ্ট্ৰ ৰাছিয়া আৰু ৰাছিয়াৰ কাষৰীয়া এখন খুব সুন্দৰ শান্তি প্ৰিয়া দেশ ইউক্ৰেইন । কোনোৱে কৈছে এয়া ভাৰত পাকিস্তানৰ দৰে যুদ্ধ, কোনোৱে কৈছে এয়া গৃহ যুদ্ধ। কিন্তু যুদ্ধ দুখন ৰাষ্ট্ৰৰ মাজত। বৰ্তমানো যুদ্ধ অব্যাহত। সামাজিক মাধ্যমৰ যোগেদি দেখি থকা দৃশ্য বোৰে মোৰ লগতে আপোনাৰো গা সিয়ৰি উঠে। কি হৃদয় বিদাৰক দৃশ্য , কাহানিও ভাবিব নোৱাৰা এক ভয়াবহ মূহুৰ্ত। গুলি বাৰুদৰ শব্দ দিনে নিশাই , দুৰ্ভগীয়া পৰিয়ালৰ চিঞৰ, কণ কণ শিশুৰ কলিজা ফালি যোৱা কান্দোন, কি নিৰ্মম। এয়া এক শক্তি প্ৰদৰ্শন বিশ্বৰ তৃতীয় শক্তিশালী ৰাষ্ট্ৰ ৰাছিয়াৰ। বৰ্তমান সময়লৈ ৰাছিয়াই এখন সৰু শান্তি প্ৰিয় দেশ ইউক্ৰেনত আক্ৰমন কৰিয়ে আছে। ইউক্ৰেনৰ ৰাষ্ট্ৰ প্ৰধানেও কৈছে যে তেওঁ আছে, দেশৰ বাবে, নিজৰ দেশ বাসীৰ বাবে তেওঁ অন্তিম মূহুৰ্তলৈকে যুঁজি যাব। এই বৰ বৰ ঘটনা এইখন পৃথিৱীতে আকৌ উদ্ভৱ হোৱা দেখা গৈছে। এয়া কিহৰ আগজাননী? আমি বাৰু কিমান আগবাঢ়িছো? জীৱ শ্ৰেষ্ঠ হিচাপে এনেবোৰ কাৰ্যকলাপ কোনো কালেই গ্ৰহণযোগ্য নহয়। শেষত দুৰ্ভগীয়া দেশখনৰ বীৰ সৈনিক সকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।



◾হিমাংশু শৰ্মা
ড০ ভূপেন হাজৰিকা পৰিবেশ্য কলা কলা অধ্যয়ন কেন্দ্ৰ,ডিব্ৰুগড় বিশ্ববিদ্যালয়
7896905952

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)