কুইন অফ কাট'ৱে-চতুৰ্থ খণ্ড- চুমিন্দ্ৰ চৌধুৰী

©Admin
0
( সকলোকে উদ্বুদ্ধ কৰিব পৰা এজনী দৰিদ্ৰ কিশোৰীৰ আত্ম কাহিনী )

দেশলৈ উভতি অহাৰ পাছত পৰৱৰ্তী অলিম্পিয়াদৰ বাবে প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেই অত্যাধিক আত্ম বিশ্বাস আৰু দ্ৰুত সফলতাৰ কামনা ত্যাগ কৰি যিমান পাৰি নম্ৰতা আৰু ধৈৰ্য্য সহকাৰে চেচবৰ্ডত মনোনিবেশ কৰিবলৈ ফিয়োনাক আখৰা কৰাব ধৰিছিল। ফলস্বৰূপে পৰৱৰ্তী সময়ত বহুকেইখন টুৰ্ণামেণ্টত ফিয়োনাই জয়লাভ কৰি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। 
কঠোৰ অধ্যৱসায়ৰ বলত ফিয়োনা পুনৰ ২০১২ চনত ইষ্টানবুলত অনুস্থিত হ'ব লগীয়া ৪০তম অলিম্পিয়াদৰ বাবে বাচনি হৈছিল। কিন্তু সেই সময়তে দুৰ্ভাগ্যবশত ফিয়োনাহতে আশ্ৰয় লৈ থকা জৰাজীৰ্ণ গীৰ্জাঘৰটো বানৰ কবলত ভাঙি চিঙি গৈছিল। ইফালে অলিম্পিয়াদলৈ দিনো ওচৰ চাপি অহাত প্ৰশিক্ষক কাটেন্ডেই ফিয়োনাক নিজৰ নিজৰ ঘৰতে ৰাখি আখৰা কৰাৰ সুবিধা কৰি দিছিল। 
অৱশেষত সপোন দিঠকত পৰিণত কৰি ফিয়োনাই ইষ্টানবুলত আন্তৰাষ্ট্ৰীয় চেচ অলিম্পিয়াদৰ বিজয় মুকুট পিন্ধি গ্ৰেণ্ড মাষ্টাৰৰ খিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল। লগে লগে খবৰটো বনজুইৰ দৰে সমগ্ৰ আফ্ৰিকা মহাদেশতে বিয়পি পৰিছিল। দেশী বিদেশী বাতৰি কাকত আৰু দূৰদৰ্শনত কাম্পালাৰ অধ্যূষিত বস্তি এলেকা কাট'ৱেৰ সোঁনালী কন্যা ফিয়োনা মুটেছিয়ে চৰ্চা লাভ কৰিছিল । 
 স্বদেশ উগাণ্ডাত ফিয়োনা আৰু খেলুৱৈ গৰাকীৰ সফলতাৰ আঁৰৰ প্ৰকৃত নায়ক প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেক বিপুল আঁদৰণি জনোৱা হৈছিল। দেশী বিদেশী বাতৰি কাকত আৰু দূৰদৰ্শন কেন্দ্ৰৰ সংবাদদাতাৰে কাট'ৱে গিজগিজাই পৰিছিল। 
সেই বছৰতে বিশ্বৰ আগশাৰীৰ ক্রীড়া দূৰদৰ্শন কেন্দ্ৰৰ মাৰ্কিন সংবাদাতা টিম ক্ৰোথাৰে ফিয়োনাৰ জীৱন-গাঁথাৰ পটভূমিত লিখি উলিয়াইছিল ডিজনী কুইন অফ কাট'ৱে নামৰ এখন গ্ৰন্থ। বস্তিত বসবাস কৰি গ্ৰেণ্ড মাষ্টাৰ খিতাপ লাভ কৰিবলৈ সক্ষম হোৱা ফিয়োনাৰ জয়যাত্রাৰ বিষয়ে লিখা এই গ্ৰন্থখন বিশ্বৰ সমগ্ৰ পাঠকৰ বাবে সমাদৃত হৈ পৰিছিল । কিতাপখনৰ বিক্রীৰ জৰিয়তেই লাভ কৰিছিল ফিয়োনাই এটা মোটা অংকৰ ধন। সেই ধনেৰে এই স্বনামধন্য খেলুৱৈ গৰাকীয়ে কাম্পালাত এটা সুন্দৰ ঘৰ কিনি মাকক উপহাৰ দি নিজৰ মনৰ সংকল্প পূৰণ কৰিছিল ।  
এইয়াই আছিল কাট'ৱেৰ ৰাণী হিচাপে খ্যাত হৈ পৰা উগাণ্ডাৰ দৰিদ্ৰ পৰিয়ালত জন্ম লাভ কৰি বিশ্ব চেচে অলিম্পিয়াদত গ্ৰেন্ড মাষ্টাৰ কিশোৰী ফিয়োনা মুটেছিৰ উদ্বুদ্ধ জীৱন-গাঁথা । 
সকলো মানুহৰ সফলতাৰ আঁৰত তেওঁৰ নিজৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ উপৰিও আন বহু লোকৰ ত্যাগো জড়িত হৈ থাকে । ফিয়োনা মুটেছিয়ে ডবাখেলত বিশ্ব চেম্পিয়নশ্বিপ লাভ কৰাৰ আৰঁত প্ৰধানকৈ প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডে আৰু মাতৃ হেৰিয়েটৰ অলেখ ত্যাগৰ কথাও স্বীকাৰ কৰিবই লাগিব। প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেৰ দ্বাৰা প্ৰভাৱান্বিত হৈ এই অভূতপূৰ্ব সাফল্যৰ পাছত ফিয়োনা আৰু বেছি অধ্যৱসায়ী আৰু নম্ৰ হৈ পৰিছিল। 

সমাপ্ত

✍️চুমিন্দ্ৰ চৌধুৰী,
নতুন দিল্লী ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)