পেচাত এগৰাকী বিষয় শিক্ষয়িত্ৰী মহিলা গৰাকী এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপকৰ একমাত্ৰ জীয়ৰী ,নাম হেনো চিন্ময়ী দত্ত,মৰমতে সকলোৱে মাতে "চিনু" বুলি। অত্যন্ত মেধা আৰু সকলো দিশতে পাৰদৰ্শী চিনু অৱশ্যে বৰ বিশেষ দেখনিয়াৰ নহয়, হ'লেও পেলাই দিব লগীয়াও নহয়। গাভৰু কালত হয়তো আৰু কিছু মৰম লগা আছিল। কিবা এটা মৰম লগা আৰু সৰল সৰল ভাৱ এটাৰ লগতে বিশেষ ব্যক্তিত্ব এটা এতিয়াও মুখত বিৰাজমান বাবেই কিবা এটা আকৰ্ষণ আছে তাইৰ।
মাত্ৰ অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই হেনো একেখন গাঁৱৰে বহুত দেখনিয়াৰ বি এছ এফ জোৱান এজনৰ প্ৰেমত পাগল হৈছিল তাই আৰু আগ-পিছ নাভাবি নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই সি ছুটী লৈ ঘৰলৈ আহোঁতে তালৈ পলাইও গৈছিল। অঞ্চলটোতেই চহকী আৰু অহংকাৰী বুলি নাম থকা তাইৰ পৰিয়ালে আৰক্ষীৰ সহায় লৈ তাই নাবালিকা হৈ থকাৰ অজুহাততে পোন্ধৰ দিন পিছত সুদূৰ কাশ্মীৰৰ পৰা উদ্ধাৰ কৰি ঘৰলৈ ঘূৰাই আনিছিল । ইয়াৰ বিপৰীতে তাইৰ প্ৰেমিকৰ লগতে তেওঁৰ একমাত্ৰ বায়েক আৰু মাককো আৰক্ষীৰ হতুৱাই অকথ্য নিৰ্যাতন দিয়াইছিল । তিনিওটা প্ৰাণী এসপ্তাহ লকাআপত থকাৰ পিছত তাইৰ জিদত মাক- দেউতাকে অৱশ্যে কেচটো উইদ্ৰ কৰি তেওঁলোকক মোকলাই আনিছিল। প্ৰেমিকৰ পৰা আঁতৰি অহা সময়ত দুয়ো- দুয়োকে কথা দিছিল উপযুক্ত সময়ত দুয়ো বিবাহপাশত আৱদ্ধ হ'ব বুলি। ঘটনাটোৰ পিছতেই তাইৰ পৰিয়ালটো চহৰলৈ গুচি গৈছিল আৰু কটকটীয়া নিৰাপত্তাৰ মাজত তাইক পুনৰ পঢ়াই- শুনাই ইংৰাজী বিষয়ত এম এ সহ বি এড কৰোওৱাৰ অন্তত হায়াৰ চেকেণ্ডেৰী স্কুল এখনত ইংৰাজী বিভাগৰ বিষয় শিক্ষক হিচাপেও নিযুক্তি দিয়াইছিল।
বিবাহৰ উপযুক্ত হোৱাত তাইৰ কৈশোৰৰ কথাবোৰ জনাৰ পিছতো বিভিন্ন ঠাইৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিছিল যদিও তাই কʼতোৱেই সন্মতি নিদিয়াত উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে পূৰ্বৰ প্ৰেমিকেৰে তাইৰ বিয়াখন পাতি দিলে।
মনে বিচৰা মানুহ জনকে লগৰী ৰূপে পাই বিৰাট সুখী হ'ল চিনু। শৈশৱৰ ঘটনাটোৰ পিছতেই হাঁহিব পাহৰি অত্যন্ত গহীন হৈ পৰা ছোৱালী জনীয়ে পুনৰ হাঁহিবোৰ ঘূৰাই পালে। গিৰিয়েক বা তাৰ বায়েক-শাহুৱেকেও বোৱাৰী বুলি আদৰ-সাদৰকৈয়ে ৰাখিলে যদিও কিবা এটা যেন আপোনত্ব নাপালে তাই নতুন ঘৰখনত। এয়া তাইৰ ভ্ৰান্ত ধাৰণা বুলি কথাবোৰ মনৰ পৰা জোঁকাৰি যিমান পাৰে সকলোকে সন্তুষ্ট ৰখাৰ চেষ্টা কৰিলে তাই। চাওঁতে চাওঁতে তিনিমাহৰ ছুটী লৈ অহা গিৰিয়েকৰ ছুটী শেষ হোৱাত কৰ্মৰ তাগিদাত গিৰিয়েক গুচি গ'ল ভাৰত-চীন সীমান্তৰ কোনো এখন দুৰ্গম ঠাইলৈ।ন-কইনা চিনুক থৈ গ'ল তাৰ মাক আৰু ভনীয়েকৰ সৈতে। ইতিমধ্যে তাইৰো ছুটী শেষ হোৱাত তায়ো জইন কৰিলে তাইৰ কৰ্মত। গাঁৱৰ পৰা বিছ কিলোমিটাৰ দূৰত অৱস্থিত হায়াৰ চেকেণ্ডেৰী স্কুলখনলৈ বুলি তাই পুৱা সাত বজাতেই ওলাই আৰু সন্ধিয়া চাৰে পাঁচ/ছয়মান বজাতহে উভতি ঘৰ পায়গৈ। ভিতৰুৱা গাঁৱৰ পৰা তাইৰ কৰ্মস্থলীলৈ যাতায়তৰ সু-ব্যৱস্থা নথকাত কেতিয়াবা তাই চিনাকি দুই -এজন বাইক আৰোহী লগ পালে অহা -যোৱা কৰিবলৈ ধৰিলে। কিন্তু স্বামীৰ ঘৰখনত তাইৰ বাবে যে কেতিয়াও নভবা কিছুমান আশ্বৰ্য্য ৰৈ আছিল তাই ততকেই ধৰিব পৰা নাছিল। চিনুৰ পৰিয়ালে তাইৰ গিৰিয়েক বা জেঠ শাহু আৰু শাহুৱেকৰ ওপৰত চলোৱা নিৰ্য্যাতনবোৰ সিহঁতে কেতিয়াও পাহৰা নাছিল আৰু তাইক ঘৰখনলৈ বোৱাৰী কৰি অনাৰ মূলতেই আছিল প্ৰতিশোধ। বেচেৰী চিনুক সিহঁতে বলীৰ পঠা সজালে আৰু আৰম্ভণি কৰিলে গিৰিয়েকৰ অনুপস্থিতিত আনৰ বাইকেৰে কেতিয়াবা তাই স্কুললৈ অহা-যোৱা কৰা কথা বোৰেৰে। নাৰীয়ে যে নাৰীৰ পৰম শত্ৰু কথাষাৰি মৰ্মে মৰ্মে উপলব্ধি কৰিব ধৰিলে চিনুৱে। বিবাহিত হৈয়ো স্বামী- সন্তানৰ সৈতে মাকৰ ঘৰতেই থকা বায়েকে, মাক আৰু ভায়েককো চিনুৰ বিৰুদ্ধে বহু কথা তিলটোকে তাল কৰি লগাইও ক্ষান্ত নাথাকি তাইৰ সৈতে মাতৃ পৰিয়ালৰ সকলো সম্পৰ্ক ছেদ কৰাই দিলে। আনকি সেইখন ঘৰত থাকিবলৈ হ'লে চাকৰি এৰিব লাগিব বুলিও হুংকাৰ দিলে।তাই কথাবোৰ গিৰিয়েকক জনালে যদিও সিওঁ তাইৰ হৈ একো মাতেই নামাতিলে,বৰং চলিব পাৰা যদি থাকা আৰু নোৱাৰিলে মাৰাৰ ঘৰলৈ উভতি যোৱা বুলিহে কোৱা হ'ল। উপায়ন্তৰ হৈ বেচেৰীয়ে বহুত দুখ সহিও চাকৰিটো এৰি নিদিলে যদিও আনৰ বাইকত উঠাটো বন্ধ কৰি অশেষ কষ্টেৰে নিজৰ কৰ্তব্যবোৰ কৰি গ'ল। কিয়নো এই তিনি/চাৰি মাহতেই তাই স্বামীৰ লগতে পৰিয়ালটোৰ মানসিকতাবোৰ বহু পৰিমাণে বুজিবলৈ সক্ষম হৈছিল। আত্মনিৰ্ভৰশীল হোৱা স্বত্বেও তেওঁলোকে যি ধৰণৰ ব্যৱহাৰ কৰিছে তাইৰ লগত পৰনিৰ্ভৰশীল হ'লে কি হ'ব পাৰে ভাবিয়েই তাইৰ গাৰ নোমবোৰ ভয়তে শিয়ৰি উঠিছিল। চাকৰি এৰি গিৰিয়েকৰ লগত যাব খুজিলেও যে গিৰিয়েকে লগত নিনিয়ে সেয়াও তাইৰ বুজিবলৈ বাকী নাছিল। আনহাতে তাই মাকৰ ঘৰলৈ গুচি যাবলৈও তাই মনটোক পতিয়ন নিয়াব পৰা নাছিল, যিহেতু মাক-দেউতাকক বাধ্য কৰাইহে তাই বিয়া হৈছিল। সকলো কপালৰ লিখন বুলি ভাগ্যকে ধিয়াই অশেষ কষ্টেৰে তাই ঘৰৰ কাম-বনৰ ওপৰিও স্কুল কৰি থাকিল।ঘৰৰ বজাৰ-সামৰকে আদি কৰি পৰিয়ালৰ প্ৰয়োজনীয় বহু দায়িত্ব পালনৰ পিছতো তাই নিজৰ চাহ-ভাতখিনি নিজেই যোগাৰ কৰি নলʼলে খাবলৈ নাপায়। আনকি স্কুলৰ পৰা আহিও সকলোৰে চাহ-ভাতৰ যোগান তাই নধৰিলে এখন লংকা কাণ্ড হয়। গিৰিয়েকক জনালেও তায়েই ওলোটাই গালি-গালাজ খোৱাৰ উপৰিও বায়েক-শাহুৱেকৰ অত্যাচাৰ বেছি হোৱাৰ ভয়ত পিছলৈ তাই সকলোবোৰ নিৰৱে সহি গ'ল।
এনেকৈয়ে এবছৰৰ মূৰত গিৰিয়েকে এমাহৰ ছুটী লৈ ঘৰলৈ অহাত তাই যথেষ্ট সুখী হ'ল যদিও গিৰিয়েকৰ মুখত কিন্তু কোনো আনন্দৰ অভিব্যক্তি তাই প্ৰত্যক্ষ নকৰিলে।সি যেন নিয়ম মাফিক তাইৰ সৈতে সম্পৰ্ক ৰাখিছে, না তাইৰ প্ৰতি গিৰিয়েকৰ কোনো আকৰ্ষণ আছে না মৰম। তথাপিও তাই গিৰিয়েকক একো নুসুধিলে আৰু পাৰ্য্যমানে গিৰিয়েকক সুখী কৰাৰ চেষ্টা কৰিলে। অৱশ্যে গিৰিয়েক থকা কালত বায়েক-শাহুৱেকৰ পৰা তাই বৰ বিশেষ সহিব লগীয়া নহ'ল ।
ইফালে গিৰিয়েকৰ ছুটীও
শেষ হোৱাত পুনৰ কৰ্তব্যলৈ
গুচি গল। আনফালে বায়েক-শাহুৱেকৰ অত্যাচাৰবোৰ লাহে লাহে চৰম পৰ্যায় পাবলৈ ধৰিলে আৰু এইবাৰ সহযোগ কৰিলে বায়েকৰ স্বামীয়েও।বিনা দোষতেই অত্যাচাৰৰ বলি হৈ হৈ অতীষ্ঠ হৈ এদিন তাই আৰক্ষীৰ সহায় লওঁ বুলি ফোন কৰিব লোৱাত বায়েকে আহি ফোনটো কাঢ়ি লোৱাৰ লগতে প্ৰচণ্ড জোৰেৰে তাইৰ মূৰটো ৱালত খুণ্ডা মাৰি দিলে। তাৰ পিছত কি হ'ল তাইৰ মনত নাই যদিও চেতনা অহাত নিজকে চিকিৎসালয়ৰ বিছনাত দেখাৰ লগতে মাক- দেউতাককো ওচৰত দেখাত প্ৰথমতে কিছু আচহুৱা যেন লাগিলেও তৎক্ষণাৎ কথাবোৰ মনলৈ আহিল। জীয়েকৰ শ্ৰীহীন চেহেৰাটোৱে মাক-দেউতাকক বিগত সময়চোৱাত জীয়েকৰ লগত ঘটা বহু ঘটনাৰেই উমান দিলে। এসপ্তাহ চিকিৎসালয়ত থকা কালত নিয়মীয়াকৈ বায়েক-শাহুৱেক আহি থাকিল যদিও কোনো আন্তৰিকতা বা অনুশোচনা নেদেখিলে তাই কাৰোৰেই মুখত। আনকি এসপ্তাহে গিৰিয়েকেও কোনো খবৰেই নকৰাত তাই দেউতাকৰ মোবাইলেৰে গিৰিয়েকলৈ বহুবাৰ ফোন কৰিও নট্ ৰিচেবল পালে।মাক- দেউতাকে তাইক চিকিৎসালয়ৰ পৰা বাহিৰে বাহিৰে নিজৰ ঘৰলৈ লৈ গ'ল। যিহেতু তাইক মাকৰ ঘৰৰ লগত আগৰে পৰা কোনো সম্পৰ্ক ৰাখিব দিয়া হোৱা নাছিল, তেনেস্থলত তাইক মাকৰ ঘৰলৈ লৈ অনাত গিৰিয়েকৰ পৰিয়ালৰ কোনেও বাধা নিদিলে যদিও কোনেও তাইৰ কোনো খবৰেই নকৰিলে । এনেকৈয়ে এমাহ মান যোৱাত এদিন গিৰিয়েকে তাইৰ দেউতাকৰ মোবাইলত ফোন কৰি পৰপুৰুষৰ সৈতে তাইৰ সম্পৰ্ক থকা বুলি কৈ বহুত কথা শুনোৱাৰ লগতে তাইক তাৰ ঘৰত থৈ যোৱাৰ কথাও ক'লে, অন্যথা তাইৰ বাবে সেইখন ঘৰৰ দুৱাৰ চিৰদিনলৈ বন্ধ বুলি ক'বলৈও কুণ্ঠাবোধ নকৰিলে। গিৰিয়েকৰ কথাবোৰ শুনি ইমান দিনে বুকুত কঢ়িয়াই ফুৰা বেদনাবোৰ চকুপানী হৈ বাহিৰলৈ ওলাই আহিল তাইৰ। শৈশৱতে কৰা ভুলটোকেই অত বছৰে বুকুত সাৱটি মনে-প্ৰাণে স্বামীৰূপে গ্ৰহণ কৰা মানুহ জনে যে তাইৰ জীৱনৰ লগত এনেদৰে খেল খেলিব তাই অত বছৰে ভুলতেও ভবা নাছিল। মানুহৰ ওপৰত থকা তাইৰ বিশ্বাস হেৰাই গৈছিল। তাই সিদ্ধান্ত লৈছিল সেইখন ঘৰলৈ আৰু কেতিয়াও ওভতি নোযোৱাৰ।মাক-দেউতাকে তাইক আইনৰ সহায় ল'বলৈ জোৰ দিছিল যদিও তাই কোনোপধ্যে তেওঁলোকৰ কথাবোৰো মানি নলʼলে। যদিও তাই ওভতি নোযোৱাৰ সিদ্ধান্ত লৈছিল মনত আশা পালি আছিল এদিন গিৰিয়েক আহি তাইক ওভতাই নিব। সুদীৰ্ঘ পোন্ধৰটা বছৰ গিৰিয়েক ক'তবাৰ ঘৰলৈ আহিল যদিও এদিনলৈও তাইৰ খবৰ নকৰিলে।তৎস্বত্বেও অত বছৰে তাই গিৰিয়েকে তাইক নিব আহিব আহিব বুলিয়েই আশা পালি পালিয়েই জীৱনটো কটাই আছে।
একেৰাহে বহু সময় তাইৰ দুখময় জীৱনৰ কথাবোৰ কৈ কৈ শেষত ক'লে----আচলতে জানেনে "পৃথিৱীৰ সমগ্ৰ মানৱ জাতিৰ উন্নতি আৰু অৱনতিক সময় সাপেক্ষে তুলনা কৰিবলৈ এটাই মাথোঁ "ঘড়ী"। সময়ৰ সʼতে গৈ থকা জন বৰ্তমান আৰু নোৱাৰা জন অতীত।"মই সৰুতেই কৰা ভুলটো পাহৰি সময়ৰ সʼতে গৈ থকা হেঁতেন মোৰো চাগৈ বৰ্তমান এখন ভৰা সংসাৰ হ'ল হেঁতেন! কিন্তু সৰুকালৰ ভুলটোকে সাৱটি সময়ৰ সʼতে যাব নোৱাৰিলোঁ বাবেই সকলোৰে বাবে অতীত হʼলো, আনকি মনৰ মানুহ জনৰ বাবেও।মই সঁচাকৈয়ে বহুত ভাল পাইছিলো অʼ তেওঁক আৰু জীৱনটো তেওঁৰ নামতেই উচৰ্গা কৰিলোঁ। এতিয়াও আশা পালি ৰৈ আছোঁ এদিন হ'লেও তেওঁৰ ভুল ভাঙিব আৰু মোক লৈ যাব তেওঁৰ ওচৰলৈ। ইতিমধ্যে ট্ৰেইনখন আহি গন্তব্যস্থানত উপস্থিত হোৱাত নমাৰ বাবে খৰধৰ লগালোঁ আৰু নমাৰ পৰত মাথোঁ শান্ত্বনা দিবলৈয়ে কʼলো---নিশ্চয়কৈ, আপুনি বিশ্বাস ৰাখক আৰু বেছিকৈ ভাবি নাথাকিব কথাবোৰ।
✍️ৰেজিনা পাৰবিন
বাইহাটা,কমলপুৰ।
কামৰূপ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ