মমতাৰ বুকু লৈ
স্বৰ্গ অঁকাৰ কল্পনা কৰে তেওঁ
হৃদয় বিশাল আকাশৰ সমান
প্ৰতিটো গৃহতে
পোহৰক বহিবলৈ পাৰি দিয়ে
বৰপীৰা
লুকুৱাই থ'ব খোজে
শুকান কলিজাটি
পিন্ধি থাকে আনে নেদেখাকৈ
শিলৰ পোছাক
মাদাৰ তেৰেছাৰ আদৰ্শত আগবাঢ়ে তেওঁ
নাবালকৰ মুখত গুজি দিব পাৰে ভাত
তেওঁ যেন সেই ঘনীভূত গোলাকাৰ পিণ্ডটো
যাৰ পৰা জন্ম হৈছিল আমাৰ
তেওঁ সৃষ্টিৰ আদি
তেওঁ মানুহৰ শিপা
মোৰ মা মোৰ শিপা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ