আজিহে চিনিছো -কল্পনা বৰা

Aditi Tanti
0
ব্যস্ত , ব্যস্ত আৰু ব্যস্ত
কিমান আৰু নিজক ব্যস্ত ৰাখিম ?
মানুহ হিচাপে নিজকেইটো পাহৰি পেলাইছোঁ ।
মানুহ বোলে জীৱশ্ৰেষ্ঠ !
কʼতা , জীৱশ্ৰেষ্ঠ জানো ইমান বিবেকহীন হয় ?
কʼত গʼল দয়া , মৰম , ভালপোৱা ?
খাইছোঁ , পিন্ধিছোঁ...
নিজৰ পুৰুষত্ব দেখুৱাব পাৰিছোঁ ।
ইয়াতকৈ আৰু লাগেনো কি ?
বহুদিনৰ মূৰত আজি মূৰ তুলিছো ;
নিজক নিজেই সুধিছো 'মই কোন ?'
নিজৰ সুখেই জানো সৰ্বস্ব হʼব পাৰে ?
মনৰ কলীয়া ডাৱৰবোৰ আঁতৰ হৈ
আজি মৃদু এছাটি শান্ত বতাহ গৈছে বৈ ;
শান্ত বতাহজাকেই আজি ভাঙি থৈ‌ গʼল অশান্ত এক মন ।
সজাই থৈ গʼল অভিনৱ এক জীৱন ।
বতাহজাকো যে কেতিয়াবা‌ ইমান আপোন হʼব পাৰে !
ভৱাই নাছিলো কোনোকালে ।
মূৰৰ ওপৰৰ আকাশখনলৈ আজি মূৰ তুলি চালো ।
কিমান যে বিশাল !
কʼৰবাত জানো পৰিধি আছে ?
এজাক অচিন চৰাই‌ সুহুৰিয়াই পাৰ হৈ গৈছে ।
একেথৰেই ৰ' লাগি থাকিলো ।
আনন্দত যেন একেবাৰেই বিহ্বল ;
স্নেহৰ ভাষাৰে যেন কৰিছে কোলাহল ।
চকুত পৰিছে বতাহৰ তালে তালে
নৃত্য কৰা সেউজী ধাননিবোৰ ;
কাণত বাজিছে দূৰণিৰ চৰাইজাকৰ 
অতিকৈ বিনন্দীয়া সুৰ ।
আজি যেন চিনি পাইছো 
এই সেউজ পৃথিৱীৰ বতাহৰ জুৰ ।
দুটি নয়নত দুৰ্ভগীয়াৰ চকুলো উঠিছে ভাঁহি ;
কাণত আজি দুখৰ কান্দোনৰ ৰোল উঠিছে বাজি ।
চকুত পৰিছে মুমূৰ্ষ জনৰ জীৱনৰ প্ৰতি হেঁপাহ ;
বৈ গৈছে চনকা হৃদয়ৰ মাজেৰে এক প্ৰলয়ংকাৰী বতাহ ।
অন্তৰে আজি কান্দি কান্দি ভাগৰি পৰিছে ;
হাজাৰ প্ৰশ্নই আজি নিজক বেঢ়ি বেঢ়ি ধৰিছে ।
চিনি পাইছো , বুজি পাইছো নিজক আজি ;
বহুদিনৰ মূৰত আজি লভিছো শান্তি ।

                  
কবিৰ পৰিচয়ঃ কল্পনা বৰা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)