এজন আৱৰণহীন পুৰুষ -নীল প্ৰজাপতি

Aditi Tanti
0
হয়, 
এইজনেই যাৰ কঠিন হাতৰ মুঠিত, 
কেঁচা ঘামৰ বলীয়া ধাৰত, 
নাঙলৰ সীৰলুত 
সপোনো হয় দিঠক!

হয়, 
এইজনেই যি অলৰ অচৰ, 
পাষাণ হৃদয়ৰ পিতৃ
অস্থিৰ মাথোঁ হয়
জীয়ৰীৰ বিদায়ী বেলাত! 

হয়, 
এইজনেই সেইজন যাৰ
শিলালিপিৰ বাস্তৱে আঁচোৰা ভাষা, 
কেতিয়াবা অলপ মিঠা প্ৰেমৰ আশা!
আৱৰণহীনতাত এজন পুৰুষ!! 




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)