সাম্প্ৰতিক অসমৰ প্ৰেক্ষাপটত অনলাইন মাধ্যমৰ সাহিত্য চৰ্চাৰ প্ৰাসংগিকতা,প্ৰত্যাহ্বান,আৰু প্ৰত্যাশা-নিবেদিতা হাজৰিকা

©Admin
0
সাহিত্য  হৈছে  মানৱ  মনৰ  ভিন্ন ৰুচি বোধ অন্বেষনৰ পাণ্ডুলিপি।  মানৱ মনৰ  ভাব  আৰু  চিন্তাৰ  অপৰিসীম পৰিধি আৰু প্ৰকাশভংগীৰ  প্ৰতিষ্ঠিত  আনুষ্ঠানিকতাৰ  মাজৰ  নিৰন্তৰ  অন্তঃদণ্ড প্ৰকাশ পায়  সাহিত্যৰ জৰিয়তে। সাহিত্যৰ ক্ষেত্ৰ খনৰ  পৰিধি যি দৰে ব্যাপক সেই দৰে  ইয়াৰ  মাধ্যম সমূহো ভিন্ন। ইয়াৰ ভিতৰত  ছপা মাধ্যম আৰু  অনলাইন  মাধ্যম অন্যতম।
 বৰ্তমান সময়ত  বা  সাম্প্ৰতিক  সময় খিনিত  অনলাইন মাধ্যম কেৱল যোগাযোগৰ মাধ্যমেই হৈ থকা নাই। এই  মাধ্যম বৰ্তমান  যোগাযোগৰ লগতে  সাহিত্য  চৰ্চাৰো উল্লেখযোগ্য  মাধ্যম হৈ পৰিছে । অসমীয়া  সাহিত্যক  বৈদ্যুতিক মাধ্যমৰ  জৰিয়তে বিশ্বমুখী  কৰি তোলাৰ  যি প্ৰচেষ্টা  এই  প্ৰচেষ্টাই  অসমৰ  সাহিত্য জগত খনক এক নতুন দিশ অৱশ্যেই  প্ৰদান কৰিব বুলি ক'ব পাৰি।
 অনলাইন  বা ইণ্টাৰনেটত সাহিত্য (ই -সাহিত্য)  চৰ্চাৰ বিষয়টো অসমৰ বাবে  এক প্ৰকাৰ  নতুন বিষয় বুলিয়ে ক'ব পাৰি। অতি কম দিনৰ ভিতৰতে পৰিপক্কতা লাভ কৰাৰ  লগতে  ইয়াৰ  প্ৰসাৰতা লাভৰ  বিষয়টোৱে  এক শুভ ইংগিত  বহন কৰিছে  সাহিত্য বিষয়টোৰ ক্ষেত্ৰত। ই সাহিত্য প্ৰেমী  সকলৰ বাবে  খুব আশাব্যঞ্জক খবৰ বুলি ক'ব পৰা যায় । দূৰন্ত আৰু  অতি কম সময়তে  অধিক জনপ্ৰিয়তা  আৰু সম্প্ৰসাৰণৰ  ক্ষমতাৰে  অনলাইন  চ'চিয়েল  মেডিয়াই ( সামাজিক মাধ্যমে) লেখক আৰু পঢ়ুৱৈৰ  মাজত যি পৰস্পৰ  সংযোগ গঢ়ি তুলিবলৈ সক্ষম হৈছে তথা সংযোগ দৃঢ় কৰিবলৈ সক্ষম হৈছে ই এক শুভ সংকেত। পাঠক  , লেখকৰ মাজত  এক সু -সম্পৰ্ক  ৰক্ষা কৰিবলৈ সক্ষম হোৱা এই অনলাইন মাধ্যমৰ  সাহিত্য চৰ্চাৰ প্ৰচাৰ আৰু প্ৰসাৰে  সাহিত্য জগত খনলৈ  এক সুকীয়া পৰিৱৰ্তন আনিবলৈ নিশ্চয় সক্ষম হ'ব।
 গতিশীল  এই  অনলাইন  সাহিত্য চৰ্চাৰ ক্ষেত্ৰখন ঐতিহাসিক  পৰিস্থিতিৰ  দ্বাৰা  পৰিশোধিত আৰু  ভৱিষ্যতৰ  সম্ভাৱনাপূৰ্ণ  সমলেৰে  ভৰপূৰ । গণ মাধ্যমৰ  এক অসম্পাদিত ৰূপ তথা স্বৰূপ এই  সামাজিক  মাধ্যমৰ জৰিয়তে  দেশ -বিদেশত  বাস কৰা  অসমীয়া  সকলকে  ধৰি বহুতেই  অনলাইন  বা বৈদ্যুতিক  মাধ্যমৰ  জৰিয়তে  অসমীয়া সাহিত্য  সৃষ্টি কৰাৰ লগতে  পাঠক হিচাপেও নিয়োজিত হৈ আছে। কেৱল সেয়ে নহয়  ন-ন  লেখক -লেখিকা  সকলৰ  সাহিত্য কৰ্ষণ তথা  সাধনাৰ  থলী হিচাপেও  পৰিগণিত হৈছে এই  অনলাইন  সাহিত্য চৰ্চাৰ  ক্ষেত্ৰ খন। এই  ক্ষেত্ৰত  অৱশ্যেই প্ৰথমে নাম ল'ব লাগিব  'ফেচবুক'ৰ । কিয়নো  অলেখ ফেচবুক গোটে  ন-ন  লেখক -লেখিকা  সকলক সাহিত্য চৰ্চাৰ বাবে এখন মঞ্চ দিবলৈ সক্ষম হৈছে।
 অনলাইন মাধ্যমত সাহিত্য চৰ্চাৰ যি ধাৰা সেই ধাৰা   অসমৰ  বাবে  খুবেই  নতুন বুলিব পাৰি। অৱশ্যে অতি কম দিনতে এই মাধ্যমে যথেষ্ট প্ৰসাৰ লাভ কৰিছে যদিও ইয়াৰ  জনপ্ৰিয়তা  আজিও  এটা সীমাৰ মাজতেই আছে বুলিব পাৰি। 
     ছপা মাধ্যমৰ ক্ষেত্ৰত থকা কিছুমান সুবিধা ইয়াত দেখা নাযায় বা পোৱা নাযায়। বিশেষকৈ প্ৰকাশৰ বাবে লিখা কথা খিনি কোনো ধৰনৰ সম্পাদনা অবিহনেই  পোনেপোনে প্ৰকাশ কৰাৰ ফলত  সেই লিখনিত থকা ভুল -ভ্ৰান্তি সমূহ শুদ্ধ কৰোৱাৰ  কোনো উপায় নাথাকে । ফলত ইয়াৰ গুণ-মান নিৰূপণ  কৰাৰ ক্ষেত্ৰত অসুবিধা  হয়।
  সাম্প্ৰতিক  সময়ত  অনলাইন মাধ্যমত  সাহিত্য চৰ্চা কৰাৰ যি পৰিৱেশ গঢ়ি উঠিছে  ই এক প্ৰকাৰ  শুভ  সংকেত। কিয়নো   আজি-কালি  অসমীয়া  ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত বহুতে অনীহা প্ৰকাশ কৰা দেখা যায় ।কিন্তু  অনলাইন মাধ্যমত কৰা সাহিত্য চৰ্চাই  এই মানসিকতা দূৰ কৰাত যেন সফল হৈছে। ন-পুৰনি অসমীয়া ভাষাপ্ৰেমী সকলৰ এই  উদ্যমে  অসমীয়া ভাষা চৰ্চাক এক নতুন মাত্ৰা প্ৰদান কৰিছে।
 সাহিত্যৰ মান আৰু নীতিগত  দিশবোৰৰ ফালৰ পৰাও অসমীয়া ই -সাহিত্যৰ বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আছে। কিয়নো কেৱল কিবা এটা সৃষ্টি কৰিলেই  তাক সাহিত্য বুলি ক'ব পৰা নাযায়। সাহিত্যৰ কিছুমান নিৰ্দিষ্ট মান আৰু নীতিও থাকে। যিয়ে সৃষ্ট সাহিত্যৰ মান নিৰূপন কৰে। অনলাইন সাহিত্যত  সেই কথা বা দিশ সমূহ  বিবেচনা কৰি চোৱাৰ সুবিধা নাই।
 আন -আন সাহিত্যৰ তুলনাত আমাৰ অসমীয়া সাহিত্যৰ   যি চৰ্চা সেই চৰ্চা খুব কম বুলি ক'ব পাৰি। ঠিক সেইদৰে  অনলাইন অসমীয়া  ব্লগ আদিও  ইমান  উপলব্ধ নহয়। অৱশ্যে  পূৰ্বৰ  তুলনাত  অসমীয়া সাহিত্য চৰ্চাৰ  বাবে অনলাইনত  কিছু সুবিধা লাহে -লাহে উপলব্ধ হোৱা পৰিলক্ষিত হৈছে। 
     অসমৰ দৰে দেশ এখনৰ বাবে  প্ৰযুক্তিৰ  ব্যৱহাৰ কথাটোৱেই  খুব ডাঙৰ বিষয়। সাহিত্য আদি ক্ষেত্ৰতো  বিশেষ আগবঢ়া নহয় বা ইমান পিছ পৰা নহয়। সময়ৰ লগত  খোজ মিলাই  অনলাইন মাধ্যমত  সাহিত্য চৰ্চাৰ বাবে পৰিৱেশ এটা অসমত যে দেৰিকৈ হ'লেও গঢ়ি উঠিছে ই এটা ডাঙৰ খবৰ বা এক উল্লেখযোগ্য  সংবাদ।
 অসমৰ বাবে অনলাইন  ব্যৱস্থাটো  যিমান নতুন তাতকৈও নতুন  অনলাইন বা সামাজিক মাধ্যমত সাহিত্য চৰ্চা কৰা বিষয়টো। বহুতো অসুবিধা  থকা স্বত্বেও বহুতো প্ৰত্যাহ্বান  নেওচি  হ'লেও  অনলাইন মাধ্যমত সাহিত্য চৰ্চা কৰা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। অনাগত দিন সমূহত  ছপা মাধ্যমত  সাহিত্য চৰ্চা কৰা লোকৰ  দৰে  অনলাইন মাধ্যমতো সাহিত্য চৰ্চা কৰা লোক অসম মূলুকত বৃদ্ধি পাব বুলি আশা কৰিব পাৰি।
 সাম্প্ৰতিক  অসমৰ  প্ৰেক্ষাপটত  অনলাইন বা ই- সাহিত্য চৰ্চাৰ  প্ৰাসংগিকতা খুবেই দৰকাৰী। কিয়নো  বৰ্তমান সময়ত সামাজিক মাধ্যম হিচাপে  ফেচবুক আদিৰ দৰে জনপ্ৰিয় মাধ্যম সমূহে সামাজিক চেতনা বৃদ্ধিৰ লগতে মানুহৰ  কিছুমান সুপ্ত প্ৰতিভা প্ৰকাশ আৰু বিকাশৰো উপযুক্ত ক্ষেত্ৰ হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কেৱল ছপা আখৰতেই  আৱদ্ধ থকা  আমাৰ সাহিত্য  সমূহে ইলেক্ট্ৰনিক মাধ্যমৰ  জৰিয়তেও  যদি জনপ্ৰিয়তা  লাভ কৰিবলৈ সক্ষম হয় তেন্তে সেই দিশৰ প্ৰতি লেখক ,সাহিত্যিক ,পঢ়ুৱৈ সকল স্বাভাৱিকতে  আকৃষ্ট হ'ব।   বৰ্তমান সময়তো হৈছে তথ্য -প্ৰযুক্তিৰ যুগ।অন লাইন মাধ্যমৰ জৰিয়তেই আজি-কালি বহুতো কথা হৈ থাকে তেনে ক্ষেত্ৰত  সাহিত্য  চৰ্চাৰ মাধ্যম হিচাপে  অনলাইন  ব্যৱস্থা খুবেই সময়োপযোগী  আৰু  প্ৰাসংগিক। অনলাইন সাহিত্য চৰ্চাৰ  ক্ষেত্ৰত আহি পৰা বা দেখা পোৱা অসুবিধা সমূহ হয়তো সদায় নাথাকে। কিয়নো  উন্নত চিন্তা -চৰ্চা আৰু উন্নত  প্ৰযুক্তিয়ে  এই সকলো সমস্যা  অৱশ্যেই  নোহোৱা কৰিব।
 অনলাইন  সাহিত্য চৰ্চাৰ  ক্ষেত্ৰত  কিছু অসুবিধা  অৱশ্যেই আছে আৰু  অসুবিধা থাকিবই। বিশেষকৈ  অসম ৰাজ্যৰ  ক্ষেত্ৰত। তথাপি  একে স্থানৰ পৰাই  পৃথিৱীৰ বিভিন্ন  স্থানত থকা সাহিত্যৰ  সমল  সমূহ পঢ়িব পৰা বা বিচাৰি পোৱাৰ দৰে অসমীয়া ভাষাৰ লেখক-পঢ়ুৱৈ সকলেও নিজৰ লেখনি আদি আনৰ মাজত এই মাধ্যমৰ  জৰিয়তে খুব কম সময়ৰ  ভিতৰতে  বিলাই দিব পাৰে।
 সামাজিক  মাধ্যম  বা  বৈদ্যুতিক  মাধ্যমৰ  মেলা ,সাহিত্য চৰ্চাক আগৰ দৰে উপেক্ষা কৰা নাযায় বৰং  বৰ্তমান  সময়ত  এই ধাৰনাৰ সলনি হৈছে আৰু এই পৰিৱেশ উন্নত হোৱাৰ লগতে সামাজিক  মাধ্যমৰ  জৰিয়তে  সাহিত্য চৰ্চা কৰা বিষয়টোৱে  বিশেষ সমাদৰ আৰু গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছে।
 আজি -কালি  সকলো  ছপা কৰা  আলোচনী , বাতৰি কাকত  আদিৰো  নিজাকৈ  ৱেবচাইট  থাকে । অনলাইন উপলব্ধ  সংস্কৰণো  সুলভ। তেনে ক্ষেত্ৰত  অসমীয়া  আলোচনী বা তেনে ধৰনৰ  পুস্তিকা  তথা সাহিত্যৰ সোৱাদ লোৱাৰ ক্ষেত্ৰত কোনো  অসুবিধা হোৱাৰ আশংকা  নাথাকে। বিভিন্ন  ম'বাইল আৰু কম্পিউটাৰ  এপৰ জৰিয়তে পঢ়িব পৰা, অসমীয়া ভাষাত  নিয়মীয়াকৈ  প্ৰকাশ হৈ থকা বিভিন্ন  সাহিত্যৰ  সম্ভাৰ সমূহ প্ৰকাশৰ  অনলাইনৰ যি সমূহ মাধ্যম সেই সমূহে  ই - সাহিত্যক স্থায়িত্ব প্ৰদানৰ লগতে এটা স্থান লোৱাৰ ক্ষেত্ৰতো  সহায় কৰিছে।ই -মেইল  যোগে  প্ৰচলিত সাহিত্যৰ কথাও  এই ক্ষেত্ৰত উনুকিয়াব পাৰি।
 প্ৰকাশৰ সুবিধা, বিতৰণৰ সুবিধা, পৰিৱহনৰ সুবিধা ,সংৰক্ষণৰ সুবিধা, নুন্যতম ব্যয়, যিকোনো সময়তে (সুবিধা মতে) আৰু যিকোনো  ঠাইতে  পঢ়াৰ  সুবিধা থকা ই -সাহিত্য  বা অনলাইন  সাহিত্যৰ  ক্ষেত্ৰত  বা  এই মাধ্যমত হে সম্ভৱ। যিটো আন   ছপা কৰা মাধ্যমৰ  ক্ষেত্ৰত  সম্ভৱ নহয়।
 অন লাইন ব্যৱস্থাৰ জৰিয়তে মুৰ্হূতৰ ভিতৰতে পৃথিৱীৰ এটা কোণৰ পৰা আন এটা কোণলৈ প্ৰেৰণৰ  সু -ব্যৱস্থা  থকা  এই মাধ্যমে  বিশ্বৰ  প্ৰতিটো কোণলৈ ইয়াৰ সম্প্ৰসাৰণ ঘটাব পাৰে।
 অসমীয়া সাহিত্য চৰ্চাৰ ক্ষেত্ৰত  অনলাইন মাধ্যম বা অসমীয়া  ই -সাহিত্যৰ  যি যাত্ৰা  সি ছপা  মাধ্যমৰ  সমান ফেৰ মাৰিব পৰা হোৱা নাই যদিও  সাহিত্যৰ  ক্ষেত্ৰ খনত  নিজা এক আসন  লাভ কৰিব পৰাৰ  পূৰ্ণ সম্ভাৱনাযে  আছে সেই কথা নুই কৰিব নোৱাৰি। সাহিত্য চৰ্চাৰ ক্ষেত্ৰত অসমীয়া ছপা মাধ্যমৰ  তুলনাত অনলাইন সাহিত্য  চৰ্চাৰ বিষয়টো  খুবেই  নতুন । ই-সাহিত্যৰ যাত্ৰা আজিও এক প্ৰকাৰ নতুন বুলিয়ে ক'ব পাৰি। সাহিত্য চৰ্চাৰ মাধ্যম হিচাপে ছপা আৰু অনলাইন মাধ্যম  দুয়োটাৰে মাজত যথেষ্ঠ প্ৰাৰ্থক্য আছে । এই দুই মাধ্যমৰ মাজত  সামঞ্জস্য  থকাটো  খুবেই  প্ৰয়োজনীয় । কিয়নো এই দুই  মাধ্যমৰ জৰিয়তে লিখক -সাহিত্যিক উভয়ে উপকৃত হ'ব পাৰে। আৰু সেই বাবেই  এই দুয়োটা মাধ্যম  ইটো-সিটোৰ পৰিপূৰক  হোৱা উচিত। অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত  এই  অনলাইন সাহিত্যৰ  বিশেষ ভূমিকা আছে । বহু কিশোৰ -কিশোৰী তথা সাহিত্যৰ প্ৰতি ৰাপ আৰু ৰুচি থকা লোকে  অৱসৰ  সময় বা নিজকে ব্যস্ত ৰাখিবৰ বাবেও অনলাইন  সাহিত্য সৃষ্টিত মনোনিৱেশ কৰা দেখা গৈছে। সেই ফালৰ পৰা চাবলৈ গ'লে  অনলাইন সাহিত্য মূলত  স্ব -সম্পাদিত আৰু স্ব -প্ৰকাশিত এক মাধ্যম হ'লেও   সাহিত্য  সৃষ্টিৰ  ক্ষেত্ৰত, নতুন -নতুন লেখক সৃষ্টিৰ ক্ষেত্ৰত এই মাধ্যম  অদ্বিতীয়।
 সুদূৰ  ভৱিষ্যতে সামাজিক মাধ্যমত , অনলাইন মাধ্যমত সাহিত্য  চৰ্চা কৰা লোকৰ  সংখ্যা  আশানুৰূপ ভাবেই বাঢ়িব। সাম্প্ৰতিক সময়তেই  কাগজ-কলমতকৈ  ম'বাইলত  বা আন বৈদ্যুতিক মাধ্যমৰ প্ৰতি উঠি  অহা প্ৰজন্মৰ যি হাবিয়াস সেই হাবিয়াস  আৰু আন সৃষ্টিশীল কৰ্ম (সাহিত্য আদি সৃষ্টিৰ ক্ষেত্ৰত)  অনলাইন মাধ্যমকেই  অধিক গুৰুত্ব দিয়া আৰু সহজ যেন  অনুভৱ কৰে। তেনে ক্ষেত্ৰত অনলাইন মাধ্যমে  অৱশ্যেই অধিক  গুৰুত্ব লাভ কৰিবলৈ সক্ষম হ'ব। সাহিত্য কৰ্ষণ আৰু  সাধনাৰ থলী হিচাপে  অনলাইন মাধ্যমৰ  সমাদৰ  আৰু প্ৰয়োজনীয়তা  কেতিয়াও  অস্বীকাৰ কৰিব নোৱাৰি। মাধ্যম  মূল কথা নহয় । সাহিত্য চৰ্চাই যাতে নতুন লেখক তথা পঢ়ুৱৈ  সৃষ্টি কৰিব পাৰে  সেইটোহে মূল কথা। অসমীয়া  সাহিত্য চৰ্চাৰ ক্ষেত্ৰত  ছপা মাধ্যমৰ  দৰে  অনলাইন  মাধ্যমেও  যদি  সমাদৰ আৰু  প্ৰচাৰ তথা প্ৰসাৰতা লাভ কৰিবলৈ সক্ষম হয় তেনেহ'লে  অসমীয়া সাহিত্য চৰ্চাৰ বিষয়টোৱে  এক নতুন গতি  লাভ কৰিবলৈ অৱশ্যেই  সক্ষম হ'ব।

লেখকৰ পৰিচয়ঃনিবেদিতা হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)