বিহুটি আহে

©Admin
0
বিহু আহে সম্প্ৰীতিৰ এনাজৰীৰে
ভাতৃত্ববোধৰ সমাজ গঢ়িবলৈ
বান্ধিবলৈ একতাৰ ডোল ,
জীৱন ৰঙীণ কৰি ,
সমাজ জাতিষ্কাৰ কৰি
জাতিটোক উজ্বলাই
অসমীয়াক কৰেহি ভোল !

বিহু যেন অসমীয়াৰ 
আনন্দৰ বৃষ্টি ,
বিহুৱান খন বিহুৰ
নান্দনিক কৃষ্টি !

সেই বিহুতে উজ্বলে
বিহুতে উথলে
অসমীয়াৰ অপূৰ্ব সংস্কৃতি ,
নানা জাতি , উপজাতিৰ মিলন
যেন তাৰ কৃষ্টি
তাৰে সমাহাৰে হৈছে
অসমীয়া জাতিৰ সৃষ্টি !

বিহু যেন অসমীয়াৰ
জীৱন সংগী
জীৱন ৰণত যেন
সাহস , প্ৰেৰণাৰ প্ৰেয়সী !
জাতিক জগাই তুলি
ৰঙেৰে ৰাঙলী কৰি
ভোগেৰে কঢ়িয়াই আনে
ভোগৰ ভোগালী !

পিছে কঙালীয়েও আনে
নতুন প্ৰত্যাহ্বান -
সময় নাথাকে ৰৈ
জীৱনত সংগ্ৰাম কৰি
কৰ্তব্য পণ কৰি
কামত ধৰিবৰ হ'ল !
তেহে আহিব ৰঙালীৰ ৰং
ভোগালীৰ ভোগ
জীৱন হ'ব সুমধুৰ ।।

           
✍️বলিন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)