আঙুলিৰ ভাঁজত ঘৰ্ষণৰ উত্তাপত দেহা এতিয়া ভাগৰুৱা
কেতিয়াবা মোৰ অজানিতে নীলা হৈ পৰে বুকুৰ তৃষ্ণাবোৰ
সেয়েহে মই দুই এদিনতে আত্মহত্যা কৰিম ।
মোক ভালপোৱা বুলিয়ে দুখ নকৰিবা
আকৌ জন্ম ল'ম নতুন ৰূপত
হয়তো সলনি হ'ব মোৰ অৱয়ব
তথাপি আহিম তুমি বিচৰাকৈ ।
যদিও-------
✍️জহিৰুল ইছলাম, গোৱালপাৰা