উপন্যাস-আৰ্তনাদ খণ্ড নং ২ | বিটুমনি কোঁছ

Rinku Rajowar
0
দাড়ি-চুলিয়ে অবিনস্ত হৈ থকা কুটৰত সোমাই যোৱা চকুহালে গভীৰ নিদ্ৰাত বিশ্ৰাম লৈছে।পুত্ৰৰ স্নেহে আৱৰি ৰখা  মাতৃৰ মমতাই এপলক নেত্ৰে চাই ৰ'ল মানসিক ভাৰসাম্যতা হেৰুৱা সকলোৱে পাগল , পাগল বুলি শিলগুটি মাৰি খেদি দিয়া মৰমৰ সৰু পুত্ৰ জীৱনলৈ।বোবা ক্ৰন্দন এটা উজাই আহি ডিঙিত ৰৈ গ'ল।আলফুলে জীৱনক মাকে বাৰাণ্ডাৰ পকাখনতে শুৱাই দিলে।গাৰ চাদৰখন আজুৰি তাৰ গাত মেৰিয়াই দিলে।শান্তিৰে শুই ল বোপাই।এই খন সমাজে তোক ভাল নাপায়।আমি বহু দূৰলৈ আঁতৰি যাম।ভগৱানে তোক এদিন ভাল কৰিব।

কথাখিনি মনৰ মাজতে কৈ মানুহজনী ভিতৰ সোমাল।

"আজি পাগলটো আকৌ ঘৰলৈ আহিল।মই ইয়াত  থাকিব নোৱাৰোঁ।"

চিঞৰি, চিঞৰি বোৱাৰীয়েকে  ফোনত কোৱা কথাবোৰৰ উত্তৰ ডাঙৰ পুতেক জীতেনে কি উত্তৰ দিছে মাকে নুশুনিলেও কিবা এটা অনুমান কৰিব পাৰিছে।

হাতত কেচিখন লৈ মাকে জীৱনৰ দীঘল হৈ থকা চুলি খিনি কাটি পেলালে।এইবাৰ ব্লেডখনে দাড়ি খিনি খুউব সাৱধানে কাটিবলৈ ল'লে।

ধম-ধামকৈ ভিতৰত বোৱাৰীয়ে বস্তু দলিয়াইছে।হে ঈশ্বৰ ! ই সাৰ নেপালেই হয়।মাজে মাজে পকিযোৱা দীঘল দাড়ি খিনি যেনে তেনে কাটিব লাগিব।

ভিতৰৰ পৰা ভাহি অহা ডাঙৰ শব্দ এটাত সি সাৰ পালে ।বাহিৰত বৰষুণ বোপাই।আকৌ শুই থাক।মোৰ বোপাই ভাল ল'ৰা।মোৰ কথা শুনিব।

মাকে হাতত থকা ব্লেডখন মুঠি মাৰি ধৰিলে।দাড়ি খিনি আধা কটা হ'ল।

"বৰষুণ দিছে।মোৰ ৰুমীয়ে ভয় কৰিব।তাই বৰষুণজাকত তিতিব মই যাওঁ।" সি দৌৰিবলৈ ধৰিলে।মাকৰ চাদৰখন চুঁচৰি চুঁচৰি তাৰ পাছত লাগি গ'ল।চোতাল খনত পৰি যোৱা দীঘল চাদৰখনৰ আকুতিলৈ সি ঘূৰি নাচালে।

জীৱনৰ মাকৰ শুকাই যোৱা বুকুখন বৰকৈ ধৰফৰাবলৈ আৰম্ভ কৰিলে।চকুহালৰ দৰেই যেন ডিঙিটো শুকাই গৈছে।

"পানী , পানী" - বোবা যান্ত্ৰনাখিনি সাবটি মাথোঁ চাই ৰ'ল বোৱাৰী পাহিৰ ৰুমৰ দৰ্জাখনলৈ । আগলৈ,,,,,,,,,,,।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)