বিশ্বজুৰি কৰিব পালন
নাৰীক জনাব সাদৰ সম্ভাষণ ,
এইয়া আচলতে একো একোখন
নাটকৰ অভিনয় নহয় জানো ?
এই স্বাৰ্থপৰ জগতত
সুৰক্ষিত নে নাৰী ?
প্ৰতিপল অনুপলে লাঞ্চিত
বঞ্চিত হ'ব লগা হৈছে ,
ধর্ষণেৰে মৃত্যুৰ মুখলৈ চোঁচৰাই নিছে ।
এই যে নাৰী দিৱস কিয় পালন কৰোঁ ?
য'ত নেকি দিবই নোৱাৰে
এগৰাকী নাৰীক সন্মানৰ ছাবিকাঠী ।
কেতিয়া পাব নাৰীয়ে
সম্পূৰ্ণ স্বাধীনতা ?
মুক্ত মনে এই জগতত
কেতিয়া ফুৰিব পাৰিব ?
যিদিনাই সকলো দিশৰ পৰা
নাৰীয়ে পাব নাৰীৰ মৰ্যদা ,
সেইদিনাই হ'ব ন সুৰুজৰ লগত
নাৰী দিৱসৰ অভিজ্ঞতা ।
✍️প্ৰজেছ দাস
লখিমপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ