বন্ধ ‌কোঠাৰ উচুপনি- নাছিৰ আহমেদ

ৰোমান্টিক যুগৰ কবিতা হোৱা হ'লে                         
সন্মুখৰ খোলা খিৰিকীয়েদি মোৰ প্ৰেয়সীয়ে সুবিন্যস্ত ক'লা চুলিটাৰি মেলি দিলেহেঁতেন।
আৰু এই চুলিকোচাৰ ভাঁজে ভাঁজে
বাজি উঠিলহেঁতেন পঞ্চম ৰাগ-ৰাগিনীৰ মধুৰ সুৰ !
গোলাপী নিমজ গালত প্ৰেমৰ সৌধ তাজমহল ,
ৰঙা ওঁঠ দুটি নৃত্যৰতা ফাগুনৰ পছোৱা বতাহত ,
কাঁচি জোনৰ বেঁকা চেলাউৰিত ভ্ৰমৰৰ গুঞ্জন !
ওখ-গঢ়া বুকুৰ শৃঙ্গত নিজৰাৰ কুলুকুলু ধ্বনি আৰু সৰ্ব্ব শৰীৰত ছাঁতে শুকুৱা মুঠিতে লুকুৱা 
মুগাপাটৰ খমখমীয়া আৱিৰ-সনা , মাদকতা ভৰা !

কিন্তু হায় ! মই হ'লো কণ্টকাৰ্কীৰ্ণ যুগৰ আৰু              
দুটা বিশ্বযুদ্ধই ধোৱাই নিয়া বিধ্বস্ত পৃথিৱীৰ কবি ।
মোৰ সন্মুখত মাথোঁ বন্ধ ‌কোঠাৰ উচুপনি !

আজি মোৰ প্ৰিয়া নিষ্ঠুৰ শোষকৰ নিষ্পেষণৰ বলি 
মই মাথোঁ দিগন্ত বিয়াপি উদাস দৃষ্টি দিছোঁ মেলি---

      
অসহায় ! মই বৰ অসহায় !! এক নিঃস্ব কবি ।
 বুকুত ঠেলি ঠেলি উঠিছে এদম শিলাখণ্ড  
অন্ধকাৰ কাৰাগাৰৰ এক বীভৎস কক্ষত ।

মোৰ অপৰাধ মাথোঁ এটাই ,
মোৰ অপৰাধ মাথোঁ এটাই
মই অতি নিবিড়ভাৱে , প্ৰেম আকুলভাৱে
আলফুলকৈ আঙুলি বুলাই দিব বিচাৰিছিলোঁ
মোৰ প্ৰেয়সীৰ সুবিন্যস্ত ক'লা চুলিটাৰিৰ সতে'

এতিয়া উশৃঙ্খল বজাৰত ক'লা ধনৰ দপদপনি
প্ৰকাশ্যে বিক্ৰী হয় কেঁচা দেহৰ ব্যৱসায় ;
পুঁজিবাদী-সাম্ৰাজ্যবাদীৰ ড্ৰাগন মস্তিষ্কৰ ইংগিতত 
প্ৰেয়সীৰ শৰীৰত নিতৌ চলে বিষাক্ত সাপৰ দংশন !
ক্ষত-বিক্ষত কলিজাৰ  
তেজ টোপে টোপে সৰে
বন্ধ ‌কোঠাৰ উচুপনি বাঢ়ি বাঢ়ি যায় ।
তাইৰ আৰ্ত-চিৎকাৰত পৃথিৱী থৰথৰকৈ কঁপে ,
বনৰ চৰাই -চিৰিকিটি হুৰাওৰাওকৈ উৰে ,
হাতীৰজাকে প্ৰাণৰ ভয়ত উৰ্ধশ্বাসে দৌৰি থাকে ,
নদ-নদীৰ পানী থৌকিবাথৌ কৰি উতলি উঠে ;
মই অন্ধকাৰ কাৰাগাৰত কেৱল ছটফটাই মৰোঁ !

হে বিশাল আকাশ ! 
তুমি নামি আহা পৃথিৱীলৈ
হে সুউচ্চ পৰ্বতমালা ! 
তুমি গিৰ গিৰ কৈ ভাঙি পৰা
হে গভীৰ জলৰাশি ! 
তুমি মহা-প্লাৱন বৈ দিয়া
সৃষ্টি হওক ভুঁইকঁপ , আগ্নেয়গিৰি , মহাপ্ৰলয় -----
ধ্বংস-প্ৰাপ্ত হওক অত্যাচাৰী , পাপী শাসকৰ দল !

নামি আহক শান্ত-সমাহিত , সেউজ-স্বপ্নীল বননি--

মই অতি নিবিড়ভাৱে , প্ৰেম আকুলভাৱে আলফুলকৈ , সযতনে আঙুলি বুলাই যাওঁ----
মোৰ প্ৰেয়সীৰ সুবিন্যস্ত ক'লা চুলিটাৰিৰ সৈতে ;
বন্ধ ‌কোঠাৰ উচুপনি স্তব্ধ হওক চিৰদিনৰ বাবে !!

Post a Comment

Previous Post Next Post