স্বাগতম

©Admin
0
চ'তৰ শেষত কুলিৰ মাতে 
দিয়ে সোঁৱৰাই  
বাপতি সাহোন বিহুটি পালেহি আহি  
দুখ বেদনাৰ নিজৰা নেওচি    
হৃদয়ৰ ফাঁকেৰে তোমালৈ যাচিছোঁ 
মোৰ প্ৰণয়ৰ শিখাগছি ।
এই ব'হাগতে তোমাৰে মোৰে 
আছে বহু ইতিহাস কামনা-বাসনাৰ ;   
এতিয়াচোন মামৰে ধৰা মগজুৱে 
ঢুকি নাপায় সূৰুজমুখী বৰ্ণিল বাসনাৰ তৃপ্ততা ।
তথাপিতো সমাধানত ফহিয়াই চাওঁ 
স্বপ্নাতুৰ বাস্তৱৰ সত্যতা  
হে ব'হাগ ! কাবৌ কৰিছোঁ 
কঢ়িয়াই নানিবা হত্যা , লুণ্ঠন আৰু মানৱৰ হিয়াভগা কৰুণ আৰ্তনাদ 
নতুন দিনত প্ৰতিজনৰ 
মলিয়ন বিবেকবোৰ ধুই নিয়া  
সকলোৰে হৃদয়ত বিলাই দিয়া 
শান্তি সম্প্ৰীতি...
হে ব'হাগ ! তুমি মোৰ বুকুৰ কুটুম , হিয়াৰ আপোন
তোমাক স্বাগতম , স্বাগতম , স্বাগতম ।

কবিৰ পৰিচয়ঃ মনোৰমা দাস 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)