আৰ্তনাদ ০৬ -বিটুমনি কোঁচ

Aditi Tanti
0
বহু সময় মৌনতা শেষত পুঞ্জিভূত বেদনাবোৰ চকুলোঁ হৈ বাগৰি আহিল তাইৰ।হুকহুকাই মোৰ ভৰি দুটা সাৱটি তাই কান্দি কান্দি ক'লে, -‘বাইদেউ আপুনি মোৰ ছোৱালীজনীক নিজৰ সন্তান বুলি ভাবিবনে ?’

মই অপ্ৰস্তত হলোঁ । সঁচাকৈয়ে মই মোৰ সন্তানৰ দৰেই তাইৰ দায়িত্ব বহন কৰিব পাৰিমনে? কথাষাৰে মোক ভবাই তুলিলে।মোৰ মৌনতাই যেন উত্তৰ আছিল।তাই মোৰ ভৰিত পৰি কান্দি থকাৰ পৰা উঠিল আৰু ছোৱালীজনীৰ হাতত ধৰি যাবলৈ উদ্যত হ'ল।

মাকৰ হাতত ধৰি গৈ থকা ছোৱালীজনীয়ে মোলৈ আৰু মোৰ ল'ৰাটোলৈ ঘূৰি ঘূৰি চাই গ'ল।তাই চাৱনিয়ে মোক আচ্ছন্ন কৰি তুলিলে।মই চুঁচৰি যোৱাৰ দৰেই সিহঁতৰ পাছত দৌৰি গ'লো।

ৰ'বা, মই তাইৰ মাক।মোৰ ছোৱালী দি যোৱা।

গেটখন খুলিবলৈ লোৱা মানুহজনী ৰৈ গ'ল।ইমান দিনে মোৰ ঘৰত কাম কৰা মানুহজনীয়ে মোক বুজি পাইছিল।

এটা তৃপ্তি হাঁহি তাইৰ ওঁঠত বাগৰি আহিল। তাই আবেগিক হৈ পৰিল যদিও ছোৱালীজনী এৰি যোৱাৰ পৰত এসোঁতা চকুলো উলাল।

মোৰ আই, আজিৰ পৰা এইগৰাকীয়ে তোৰ মা।এইয়া তোৰ ভাই ।ভালকৈ থাকিবি।মই তোৰ দেউতাক এৰি আনৰ লগত বিয়া হ'ম।মোক মনত নেপেলাবি।আৰু দেউতালৈও মনত নেপেলাবি।সি কুত্তাই বেলেগ মাইকী লৈছে ল'ৰা-ছোৱালী জন্ম হ'ব।মইও তাক দেখাই আছোঁ।

তাই কথাই মোক ভবাই তুলিলে, ভিন্ন প্ৰকাৰৰ মানুহৰ মন।আচৰিত স্বামী-স্ত্ৰীৰ জেদত সন্তান নিঠৰুৱা।

তই যা।আৰু এইখন ঘৰত কেতিয়াও নাহিবি।সন্তান এৰিব পৰা মাতৃয়ে সন্তানৰ পৰিচয়ৰ আগত নিজৰ নাম জাহিৰ কৰিবলৈ চেষ্টা নকৰিবি আজিৰ পৰা।তাই এতিয়া মোৰ সন্তান হৈছে।

কথা কেইষাৰ কৈ মই ল'ৰাটোৰ লগতে ছোৱালীজনীকো সাৱটি ধৰিলোঁ।

মই যাওঁ বাইদেউ।ঠিকনাবিহীন মোৰ যাত্ৰা।

তেনেহ'লে, তাই কোৱা কথাবোৰ।মই ভাবিবলৈ ধৰিলোঁ।হয়তো এৰি যোৱা সন্তানৰ মনত মাক দেউতাকৰ
 প্ৰতি থকা মৰমৰ যি আকৰ্ষণ সেইয়া শেষ কৰি থৈ যাবলৈ এইয়া এক প্ৰয়াস কৰিছে। সন্তানে নতুনকৈ জীৱনটো জীয়াৰ পথত সুবিধা কৰি নিজকে ঘৃণীত কৰি আঁতৰি গৈছে।

উভতি উভতি জীয়েকলৈ চাই যোৱা মাকজনীলৈ মই চাই ৰ'লোঁ।

বৰমা ভাইটিয়ে ফুলৰ টাবটো পেলালে।

তাই মাতত মই বাস্তৱলৈ ঘূৰি আহিলোঁ।

চাও এই ফালে আহ।তাই মোৰ নিচেই কাষলৈ আহিবলৈ সংকোচ কৰিলে।মই তাইক টানি আনিলোঁ মোৰ বুকুৰ মাজলৈ।মোৰ গাত মেৰিয়াই থোৱা চাদৰখনে তাইক মেৰিয়াই ক'লোঁ, আজিৰ পৰা তই মোৰ ছোৱালী।মোৰ এই চাদৰৰ মাজত এনেকৈয়ে তোক সাৱটি থাকিম।তোৰ মাৰ বাপেৰলৈ মনত পৰিব নেকি?

নপৰে ? তাই মিচিকিয়াই হাঁহিলে।

মোৰ ল'ৰাটো দৌৰি আহি ,তাইক টানিবলৈ ধৰিলে।

উঠা মোৰ মাৰ কোচত নবহিবা।তোমাৰ মাৰ কোচত বহিবলৈ মোৰ মা নাই।মোৰ পাপাও নাই।পাপাও বেয়া।মাও বেয়া।

মোৰ মা ভাল।মোৰ ল'ৰাটোৱে বুকু ফিন্দাই তাইৰ আগত জাহিৰ কৰিলে।

ও বৰমা ভাল।

আজিৰ পৰা মই তোৰ মা।মাকক বৰমা বুলি ক'ব নাপায়।মা' বুলি মাতিবি।আজিৰ পৰা মই তোৰ মা।মোৰ সোণৰ বা।

সিহঁত দুটা খেলিবলৈ দৌৰি গ'ল।জীৱন মানে কি সিহঁতে বুজি নাপায়। অকণমানি সিহঁতৰ হিয়া।মৰম আৰু নিৰাপত্তাই ইহঁতক প্ৰয়োজন।

ৰাতিলৈ মানুহজন ঘূৰি আহি ছোৱালীজনী দেখি আচৰিত হৈ পৰিল।মই সকলো কথা বুজাই দিয়াত , একো নকলে।মাত্ৰ এটা ৰহস্যময় হাঁহি মাৰি উঠি গ'ল।

সেইয়া আকৌ কেনেকুৱা ধৰণৰ হাঁহি।মোক ভবাই তুলিলে।

বিটুমনি কোঁচ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)