হঠাৎ চহৰখনত বোমা ফুটিল। হাহাকাৰ লাগিল সকলোতে। মানুহ বোৰে ঠাহ খাই থকা বৰ বজাৰত বোলে কেইবাটাও বোমা ফুটিল। কোন মৰিল, কোন হ'ল ঘাইল , তাৰ উৱাদিহ নাই। মানসী কেচুৱাটোৰে সৈতে ঘৰত। মানুহটো ওলাই গৈছে। "হায় বিধি! কি কৰে তাই?” কোলাৰ কেচুৱাটো লৈ ওলাই যাবও নোৱাৰ হ'ল। ঘৰৰ ভিতৰতে চেংলৌ বেখ্লৌ কৰি ঘূৰি ফুৰিছে। ওচৰৰ মানুহবোৰ ঢাপলি মেলিছে সেই ঠাইলৈ। যদি মানুহবোৰ কিবা হয় তাই ক'লৈ যাব? মাকৰ ঘৰখনৰ বহু যোজন দূৰৈত। কাক মাতিব, কি কৰিব ভাবি থাকোতেই কেচুৱাটোৱে কান্দি উঠিল, বুকুৰ ঢপঢপনিলৈ কেচুৱাটো বুকুত সাৱটি লয়। দুচকুৱেদি চকুলোৰ সোঁত বয়। হঠাৎ কলিং বেল বাজে, তাই মূৰ্চা যোৱাৰ উপক্ৰম হয়, তথাপিতো মৰো জীউ সোঁআধিকৈ দুৱাৰ খোলে , চকুৰ আগত বিমান, তাইৰ মানুহটো। তাই ৰ লাগি চাই থাকে। সি হাঁহি মাৰি কয় "কি হ'ল? মোৰ একো হোৱা নাই নহয়? ব'লা ভিতৰলৈ ।” তাই যেন তেতিয়াহে হুচ আহিল।