ব'হাগৰ মিঠা সোঁৱৰণ আৰু সংস্কৃতি সুৰক্ষা-মেঘালী বৰুৱা

Rinku Rajowar
0
বিহু অসমীয়াৰ প্ৰাণস্বৰূপ। অসমীয়া জাতিৰ পৰিচয় ৰূপে বিহুক সন্মান কৰা হয়। বিহুৰ জৰিয়তে বিশ্বই জানে অসমীয়াক। বিহু বুলি ক'লেই জড়িত হৈ পৰে বিভিন্ন পৰম্পৰা তথা সংস্কৃতি। গৰু বিহুৰ দিনা ৰাতিপুৱা গৰুক গা ধুৱাই সন্ধিয়া ন পঘাৰে গৰু বন্ধা, পদূলিমুখত জাগ দি বিচি বিচি জুই জ্বলোৱা ইত্যাদি। ইয়াৰ উপৰিও মানুহে বিহুৰ দিনা পুৱা গা পা ধুই বিহুৱান লোৱা, পিঠা-পনাৰে চাহ খোৱা, জা-জলপান খোৱা, কনিষ্ঠ জনে জ্যেষ্ঠ জনক সেৱা কৰাৰ উপৰিও পহিলা ব'হাগৰ পৰা গাঁৱৰ ডেকা গাভৰুৱে জাতীয় পোছাক পৰিধান কৰি ঘৰে ঘৰে বিহু হুঁচৰি প্ৰদৰ্শন কৰা দেখা গৈছিল। কিন্তু গাভৰু ছোৱালী বিলাকে জেতুকা বৰহমথুৰি আদিৰে সুন্দৰ কৈ  প্ৰলেপ সানি বিহু নচা দৃশ্য আজি সময়ৰ গতিত দুৰ্লভ হ'ল। সঁচাকৈয়ে পূৰ্বৰ বিহুৰ তুলনাত বৰ্তমানৰ বিহুৰ বেচ পৰিৱৰ্তন হৈছে। গছৰ তলৰ মুকলি বিহু আহি মঞ্চ পালেহি। থলুৱা পৰম্পৰাগত গহনাৰ ঠাইত কৃত্ৰিমতাই ঠাই পালে। কেছেটৰ বিহু গীত সমূহো ক্ৰমান্বয়ে হিন্দী গীতৰ সুৰলৈ ঢাল খাইছে। আগৰ দিনবোৰত বিহু বুলিলে গা মন নাচি উঠিছিল। গাঁৱে-ভূঞে ডেকা-গাভৰুৱে মিলি এক প্ৰীতিসূলভ মনোভাৱেৰে প্ৰাণ ঢালি বিহু হুঁচৰি গাইছিল।এতিয়া বিহু মানে যেন বিতৰ্ক হৈ পৰিছে। বিহু মঞ্চত বিহুৰ সলনি উদ্যাম নৃত্য প্ৰদৰ্শন কৰা আমাক সংবাদ মাধ্যমে দেখুৱাই আহিছে। সেই লৈ কৰা বিভিন্ন বিতৰ্কিত আলোচনাও আমি টক শ্ব'বোৰত দেখি আহিছো।
    বিশ্বায়নৰ হাতোৰাই কেৱল যে আমাৰ অৰ্থনীতিকেই প্ৰভাৱান্বিত কৰিছে তেনে নহয়,আমাৰ সংস্কৃতি তথা প্ৰকৃতি ৰাজ্যৰ ওপৰতো বিশ্বায়নৰ হাতোৰাৰ আঁচোৰ পৰিছে। সংস্কৃতিৰ নামত কিছুমান অপসংস্কৃতিয়ে বাহ ল'ব ধৰিছে। বিহু মঞ্চত উদ্যাম নৃত্য, বিতৰ্ক এইবোৰ ভাল নালাগে। চান্দা এটা সমাজৰ  অপসংস্কৃতি হৈ পৰিছে। যিটোৱে নেকি দৰিদ্ৰ মানুহবোৰক গো-গ্ৰাসে গিলিব লৈছে। এতিয়া এনে অৱস্থা পালেহি যে গাঁও-চহৰৰ সকলোতে জেঠ মাহ পৰ্যন্ত বিহু পাতিবলৈ ল'লে। ঘৰে ঘৰে গৈ বিহু হুঁচৰি গোৱা দিনবোৰ যেন পাহৰণিৰ গৰ্ভতহে।এতিয়া কেৱল প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ নিগনি দৌৰত আমিবোৰ দৌৰো। উদ্ভৱ কালৰ লক্ষ্য আৰু আদৰ্শ বিহুৱে কেতিয়াবাই হেৰুৱাইছে। চেনেহৰ বিহুৱানখনি দিয়াৰ যি ৰীতি-নীতি আছিল সেয়া কিবাকৈ বৰ্তি আছে সঁচা, কিন্তু সেয়াও অসমীয়া তাঁতশালৰ শিপিনীৰ পৰা কম সংখ্যকহে আহে। হাবি বননিত গছ গছনি কাটি তহিলং কৰাৰ ফলত আমাৰ সংস্কৃতিৰ লগত জড়িত কপৌ পাহিয়েও আশ্ৰয়স্থল  হেৰুওৱাৰ উপক্ৰম হৈছে। যাৰ ফলত জাতিটোৰ উঠি অহা প্ৰজন্মই কপৌ, কেতেকী, বৰহমথুৰি আদি ফুলবোৰৰ সৈতে আজি অপৰিচিত হ'ব লগা হৈছে।
         ব'হাগ এতিয়াও আহে। চ'তৰ উৰুঙা দিনৰ পিছত ন সাজ মেৰিয়াই প্ৰকৃতি ৰাণী নামি আহে। ফাগুন, চ'তত নঙঠা হৈ পৰা গছবোৰত কুঁহিপাতে পোখা মেলে। প্ৰকৃতিক নতুনেৰে সজায় পেলাই ঋতুৰাজ বসন্তই। ধূলিময়,ধূসৰ হৈ পৰা ধৰাৰ বুকুলৈ মেঘে নমাই আনে দুই এজাক বৰষুণ। মেঘৰ গাজনি ধুমুহা আৰু তাৰ মাজতে প্ৰস্তুতি চলে বসন্তক আদৰাৰ। নানা ৰঙৰ ৰং বিৰঙৰ ফুলে হাবিয়ে বননিয়ে বসন্তৰ বাতৰি বিলাই ফুলি উঠে। এয়া প্ৰকৃতিৰ নিয়ম।
       আজিও বিহু আহিলে ঢোলে মাতে, পেঁপাই সুৰ তোলে। ডেকা গাভৰুৰ মন নাচি উঠে। তথাপিও কিবা কৃত্ৰিমতা, কিবা যেন জঠৰতা তেনে লাগে। সংস্কৃতি ৰক্ষা কৰিবলৈ আধুনিকতাৰ ৰহণ সানিব নালাগে। আমি বিচাৰো বিহু আকাশে-বতাহে মুখৰিত হওঁক। অসমীয়া সমাজৰ অসূয়া- অপ্ৰীতি দূৰ কৰি জাতি ভেদ আঁতৰাই সম্প্ৰীতিৰ এনাজৰীৰে সকলোকে বান্ধি পেলাওঁক। জাতিৰ সংস্কৃতি জীয়াই ৰাখিবলৈ আমি যি আনন্দৰ সৃষ্টি কৰোঁ, সেই সৃষ্টি সমূহৰ কল্যাণৰ আদৰ্শৰে, সমূহৰ মাজত একাগ্ৰতা আৰু দেশাত্মবোধ গঢ়াৰ লক্ষ্যৰে বিহু নতুন ৰূপত গঢ় লৈ উঠক।বিহু যথাৰ্থজাতীয় উৎসৱ ৰূপে প্ৰতিপন্ন হওক। কিন্তু সংস্কৃতি সুৰক্ষাৰ নামত পশ্চিমীয়া সংস্কৃতিক আদৰি আনি মিলনৰ এনাজৰীৰে বন্ধা চেনেহৰ ৰঙালী বিহুটিক নিঃচিহ্ন কৰাৰ অধিকাৰ আমাৰ কাৰো  নাই।

      ⚫মেঘালী বৰুৱা
        হাজৰিকাপাৰা,দৰং।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)