বহু ৰঙীন আশাৰে বুটা বচা, সপোন ৰচা এখনি বিহুৱান।
ৰিব্ - ৰিব্ বতাহে ধৰণীলৈ
আনিলে ব'হাগৰ বতৰা।
ব'হাগৰ উমান পাই
বৰদৈচিলাজনীৰ গাত ত'তেই নাই ,
শীতৰ শীতলা বতাহে
লঠঙা কৰা গছবোৰক
বসন্তই দিছে সেউজীয়া আৱৰণ।
প্ৰেম আৰু সৌন্দৰ্য্যৰ সুৰভিৰে
কপৌ, কেতেকী, নাহৰ, তগৰে,
দিছে এক সুশোভিত জাগৰণ ।
তাকে দেখি কুলি, কেতেকীয়ে সুমধুৰ কন্ঠেৰে নিগৰাই জগত
জুৰোৱা গান।
শিপিনীয়েও বোৱা বিহুৱান
খনিত
চৌদিশে ঢোলৰ গুমগুমণি।
মাজত পেঁপাৰ ধ্বনি
ন-সাজ পিন্ধি ওলাই আহিছে ,
নাচনী- ঢুলীয়া হেঁপাহৰ বিহুটি আদৰোঁ বুলি।
◾ৰঞ্জু গায়ন ( বৰুৱা )