এটি আলফুলীয়া হাঁহি- কৰিশ্মা দাস

জীৱনৰ তীক্ষ্ণ দুচকুতো ভাহি আহে
এটি আলফুলীয়া সপোন,
যাৰ আলম লৈ জীৱন লক্ষ্যই খোজ দিয়ে
জীৱনৰ শেষ মুহূৰ্ততো;
কেতিয়াবা বাধা আহে 
তথাপিও
জিৰণি ল'ব খোজো
এটি আলফুলীয়া হাঁহিত।
এটি সূক্ষ্ম কণিকাকো
জীয়াই তোলে
এখনি হাঁহি মুখে!

কৰিশ্মা দাস

Post a Comment

Previous Post Next Post