অসমীয়া নৱবৰ্ষ-সমুজ্জ্বল ডেকা

আপডেট হ'ল বসন্ত,
মন হ'ল প্ৰশান্ত।
ৰিমোভ কৰিলোঁ দুখ,
এক্সেপ্ত কৰিলোঁ সুখ।
সৰাপাত বিলীন হ'ল,
সেউজীয়াৰ আগমন হ'ল।
বসন্ত কালত কুলিয়ে 
বিনালে অমিয়া মাত,
অনুপম মাত শুনি 
দেহ-মন পৰে শাত।
ঢুলীয়াই বজাইছে ঢোল,
নাচনীৰ দুহতত জেতুকাৰ বোল।
ফুলিছে কপৌ ফুল,
ব'হাগত বিহুগীতেই মূল।

সমুজ্জ্বল ডেকা

Post a Comment

Previous Post Next Post