কেঁচাপাতৰ বিননি-দীপাংকৰ ভৰালী

©Admin
0
ৰাতিপুৱাই কলঘৰটোৰ চাইৰেনে পূজাক বিৰক্তিত পেলালে । তাইৰ এই কলঘৰৰ চাইৰেনৰ লগত কেতিয়াও সম্পৰ্ক নাছিল । কলঘৰৰ চাইৰেন বাদেই, চাহ বাগিচাৰ লগত কোনো ধৰণৰ সম্পৰ্ক গঢ় লোৱা নাছিল । কিন্তু এতিয়া কলঘৰৰ পৰা অহা কেঁচা চাহপাতৰ গোন্ধটো জীৱনটোৰ বাবে একাত্ম হ'ব । দূৰ-দূৰলৈকে সেউজীয়া । শাৰী শাৰী শিৰীষ গছবোৰ । কিছুমান গছৰ বয়স চাগে তাইতকৈ ডাঙৰেই হ'ব । অথচ কত ৰ'দ-বৰষুণ, বতাহ-ধুমুহা নেওচি আজিও মাটি খামুচি আছে । কিমান জীৱন আৰু মৰণৰ এই শিৰীষ গছবোৰ সাক্ষী হৈ আছে । জীৱন যুঁজত অহৰহ যুঁজি থকা চাহ বনুৱা সকলক ছাঁ‌ দি আহিছে । ভাগৰুৱা পথিকক জিৰাবলৈ, ৰিব্ ৰিব্ কৈ কোমল এচাটি বতাহ এই শিৰীষ গছবোৰেই দি আহিছে । লাহে লাহে এই সকলোবোৰ চাগে পূজাৰ আপোন হৈ যাব । চাহপাতৰ গোন্ধটো, সেউজীয়া চাহগছৰ শাৰীবোৰ, শিৰীস গছবোৰ, লানি নিচিগা চাহ বাগানৰ বনুৱাবোৰ, সিহঁতৰ ভাষাবোৰ, সিহঁতৰ ঝুমুৰ, কৰম পূজা এই সকলোবোৰ । এৰা জীৱনে ন ন খেলা খেলে আমাৰ সতে । সুখ-দুখ, হাঁহি-চকুলো, খং-অভিমান এইবোৰ জীৱনে সময়ে সময়ে আমাক অনুভৱ কৰায় । এইবোৰৰ অবিহনে জানো জীৱনৰ মাদকতা থাকে । 

          "বাইদেউ, চাহৰ লগত কি খাবি" --- কাম কৰা মিনি মানে কুন্তিয়ে চিঞৰিলে । এই বাগানৰ চাহ জনগোষ্ঠীৰ মানুহবোৰ বৰ সহজ-সৰল । বৰ মৰম লগোৱাকৈ ৰহন লগাই ক'ব নাজানে । আচলতে সেইবাবেই চাগে সিহঁতৰ মৰমবোৰ সঁ‌চা । চাহপাতবোৰৰ দৰেই কোমল আৰু সেউজীয়া । 
"দে কিবা এটা । বিস্কুটকে এখন মান দে ।" ৰাতিপুৱাই  খাব মন নাযায় বেছিকৈ । হোষ্টেলৰ দিনৰে অভ্যাস । অলপ সময়ৰ পিছত তাই চাহ আৰু বিস্কুট দি যায় । "তই কিবা এটা বনাই খাই ল', অকল কামকে কৰি থাকিব নালাগে ।" পূজাই পাকঘৰত ঘটং-মটং কৰি থকা কুন্তিক চিঞৰি ক'লে । ইয়াত থাকি পিছে বৰ বেয়া নাই লগা । চহৰৰ দৰে যান্ত্ৰিকতা নাই । প্ৰকৃতিৰ মাজত ভালেই লাগিছে । কিন্তু অকলশৰীয়া দুই তলাৰ এই বাংলোটোত বেছি ভাগ সময়ে অকলে অকলে থাকিব লাগে । বাগানৰ কামৰ আহৰি বৰ কম । বাংলোটো আন আন বাংলোবোৰতকৈ অলপ আঁ‌তৰত । বাহিৰৰপৰা ভিতৰত কি হৈ আছে ধৰিব নোৱাৰি । গধূলি হোৱাৰ লগে লগে কিবা জয়াল দৰেই লাগে । ইমান ঠাণ্ডা, নিতাল । কোনো সাৰ-সুৰ নাই । দৰ্জা খিৰিকিবোৰ ডাঙৰ ডাঙৰ কাঠেৰে বনোৱা; একেবাৰে ব্ৰিটিছৰ দিনৰ বাংলো ।

             কুন্তিৰ বাহিৰে বাকী কাম কৰা মানুহবোৰ আবেলি তিনিমান বজাত ঘূৰি যায় । কুন্তিও পাঁ‌চ বজাৰ পিছত নাথাকে । দুদিন আগতে তাইক কৈছিল ইয়াতে থাকি ল'বি বুলি, পিছে তাই কিবা ভয় আৰু আশংকাপূৰ্ণ হৈ নাই নাই মই থাকিব নোৱাৰো দেই এই বাংলোতে বুলি কৈ খৰখেদাকৈ গুচি গ'ল । কিয় তেনেকৈ ক'লে পূজাই পিছে নুসুধিলে । কিবা ঘৰুৱা অসুবিধা থাকিব পাৰে । 
"বাইদেউ, মই আজি সোনকালে যাম । বতৰো ভাল নহয় । বৰষুণ দিব ।" কুন্তিয়ে কামৰ মাজতে ক'লে ।  পূজাই একো মুখেৰে নামাতিলে। মাতি যে লাভ নাই তাই জানে । যাম বুলিছে যেতিয়া যাবই । 

            আজি বতৰ বেয়া সঁ‌চাকৈ । বতৰো বেয়া, কুন্তিও সোনকালে গ'ল । সি মানে পল্লৱেও আজি দেৰি হ'ব বুলি ক'লে । এতিয়া এই দুই তলা বাংলোটোত অকলে অকলে থকা কম কথা । চিপ্ চিপ্ কৈ বৰষুণ পৰিবলৈ আৰম্ভ হৈছে । বাৰাণ্ডাত থকা দীঘলীয়া আৰামী চকীখনত কিতাপ এখনকেই মেলি ল'লে । সন্মুখৰ ডাঙৰ গছজোপাৰ পাতবোৰত বৰষুণৰ টোপাল পৰি বেছি জিলিকনি তুলিছে । এই গছজোপাই কিন্তু বাংলোত হোৱা বহু ঘটনাকে চাগে হজম কৰি থৈছে । কাৰণ গছবোৰে কেৱল মানুহক জীৱনী শক্তি দিয়ে । মানুহবোৰহে স্বাৰ্থপৰ । আৰামী চকীখনতে এইবোৰ ভাবি থাকোতে কোনোবা হঠাৎ গাৰ কাষেদি দৌৰি যোৱা যেন লাগিলে । থতমত খাই উঠিল তাই । কি আছিল বাৰু, নে তাই চকুকেইটাত চিল মিল টোপনি আহিছিল । কিন্তু কোনোবা সৰু ল'ৰা বা ছোৱালী দৌৰি যোৱা যেন লাগিল । বেৰত উলমি থকা ঘড়ীটোলৈ চালে ছয় বাজিছে । মাকে কোৱা কথালৈ মনত পৰিল সন্ধিয়া সময়কণ আৰু একেবাৰে পুৱা বেলাত মানুহ অলপ সতৰ্ক হ'ব লাগে । লগে লগে তাই বাথৰুমত মুখ-হাত কেইটা ধুই পূজাঘৰত সোমালে । চাকি এগছ আৰু ধূপ দুডাল জ্বলাই ঈশ্বৰক চিন্তা কৰিলে । ধূপ আৰু দুডাল ঘৰৰ ড্ৰয়িং ৰুম আৰু বেড ৰুমত লগাই দিলে । মনৰ মাজত ভয় অলপ আছে যদিও টিভি ৰুমত আহি টিভিটোকে লগায় ল'লে । বতৰৰ বাবে টিভি চোৱা নহ'ল । মবাইলটো চালে । বেটেৰী নাইয়ে । চাৰ্জ দিবলৈ পাহৰিলে আজি । ফোন এটা কৰিবও নোৱাৰি, অফ হৈয়ে যাব চাগে । নিজৰ ওপৰতে তাইৰ খং উঠিল ।

            ঘটং টং টং টং . . . . পাকঘৰৰ পৰা কিবা শব্দ এটা আহিল । হি হি হি . . . . এইবাৰ কোনোবাই হাঁ‌হি মৰা যেন লাগিল । তাইৰ বুকুখনে ধান বনাদি বানিলে । এইডাল বিশাল বাংলোত, কি হৈছে আজি ! মবাইলটো চালে চাৰ্জ লোৱা নাই । ইতিমধ্যে মবাইলটো অফ হৈ গ'ল । উফ ৰাম ভয়ৰ কোবত চুইছটোকে দিয়া হোৱা নাই । লগে লগে চুইছটো দি দিলে । বাহিৰত বিজুলি চেলেক চেলেকৈ মাৰি আছে । বৰষুণো বাঢ়িল । আনকালে তাই বিজুলী ঢেৰেকনিলৈ বৰ ভয় কৰে । আজি কিন্তু সেইবোৰতকৈ তাইৰ শুনা সেই অস্বাভাৱিক শব্দকেইটাইহে ভয় হানিচে । যিমান পাৰে ভগৱানৰ নাম লৈছে তাই । তেনেতে, কাৰেণ্টটো গ'ল । জেনেৰেটৰ চলাবলৈ অলপ সময়টো লাগিব । কি কৰিব এতিয়া । মমবাতি আছে বেডৰুমত । ভয় আৰু শংকা বাঢ়িছে যদিও আজি তাই অকলেই মোকাবিলা কৰিব লাগিব । তাই খেপিয়াই খেপিয়াই বেডৰুমটোৰ ফালে গৈ আছে । তেনেতে সৰু কিবা এটাই তাইক গাতে ধৰি ঘপককৈ পাৰ হৈ যোৱা যেন লাগিল । তাই অ' মা বুলি চিৎকাৰ কৰি উঠিল । কি আছিল সেইটো ! সঁ‌চাকে এই বাংলোটোত কিবা আছে নেকি ! সেইবাবেই কুন্তিক থাকিবলৈ কোৱাত মুখখন শেঁতা পৰি গৈছিল নেকি বাৰু ? নানান টা প্ৰশ্নই পূজাৰ মন মগজুত দোলা দিব ধৰিলে । তথাপি তাই যুঁজিবই লাগিব এই পৰিস্থিতিৰ লগত । কোনেও তাইক সহায় কৰিব নোৱাৰে । কোনো নাই তাইৰ কাষত । তাইক ভালপোৱা মানুহবোৰ, তাইৰ বাবে জীৱন দিব পৰা মানুহবোৰ ---সকলো আঁ‌তৰত । বহু আঁ‌তৰত । খুপি খুপি গৈ বেডৰুম পালেগৈ । বিচনাৰ ড্ৰয়াৰটোৰ ভিতৰৰ পৰা মমডাল আৰু জুইশলাটো উলিয়াই  কাঠি এটা মাৰি দিলে । লগে লগে ৰুমটো জুইশলাৰ পোহৰত উজলি উঠিল । ঘপকৈ পোহৰ হোৱা মাত্ৰকে বেডৰুমৰ চুকৰ খিৰিকিখনৰ ওচৰত এটা কণমানি ল'ৰা আৰু এজনী তাইৰ বয়সেৰে মাইকী মানুহ হাতত ধৰা-ধৰিকৈ ৰৈ থকা দেখা পালে । তাইকেই চাই আছে । বিজুলীৰ চমকনি এটাই সিহঁতক আৰু ভালদৰে জিলিকাই তুলিলে । চকুৰ কোণবোৰ ক'লা পৰা , ওঁ‌ঠযোৰহঁ‌ত বগা ধেলা, চুলিকোচা কেঁকুৰা আৰু কিচকিচীয়া ক'লা ; তাইৰ ফালে চাই আছে একেথৰে । পূজাই জীৱন ৰক্ষাৰ শেষ যুঁজখনত যিমান বল আছে সকলো লগাই ঘৰৰ মূল দুৱাৰখনৰফালে দৌৰিবলৈ ধৰিলে । যাওঁ‌তে বাটত অহা কি কি বস্তু পেলাই নিছে ক'ব নোৱাৰে তাই । ড্ৰয়িং ৰুম পাওঁ‌তেই লাইটবোৰ জ্বলি উঠিল । লগতে ক্ৰিং ক্ৰিং কৈ কলিং বেলটো বাজিলে । তাই বেগাই গৈ দৰ্জাখন খুলি দিলে । বাহিৰত পল্লৱে ছাতিটো জপাইছে মাত্ৰ । পল্লৱক দেখা মাত্ৰকে তাই জোৰকৈ সাবটি ধৰি হুকহুকাই কান্দি দিলে । পল্লৱে একো ধৰিব নোৱাৰি তাইক ভিতৰলৈ লৈ আহিল । দৰ্জাখন বন্ধ কৰি দিলে । তাই যে কিবা ভয় আৰু শংকাত পৰিছে বুজি পালে । তাই থকথককৈ কঁ‌পিয়েই আছে বহু পৰ । একো ক'ব পৰা নাই । লাহে লাহে অলপ শান্ত হ'ল মনটো । তাই পল্লৱক এটা এটা ঘটনা বিৱৰি ক'লে । সি কথা দিলে কাইলৈ ৰাতিপুৱাই এই বাংলো এৰি দিব । আজি নিশাটো যেনে তেনে কটাই লওঁ‌ বুলি ঠিৰাং কৰিলে । দুয়োটাই ভাত-পানী নাখায় বেডৰুমলৈ গ'ল । ৰুমটো এতিয়া পোহৰ । কোনো নাই এতিয়া, তাই নিৰ্দিষ্ট খিৰিকিখনৰ ফালে বাৰে বাৰে চালে নাই কোনো নাই এতিয়া । পল্লৱক সাবটি ধৰি মুখখন তাৰ বুকুৰ মাজত গুজি দিলে । বাহিৰত বৰষুণ আৰু বিজুলীৰ চমকনি বাঢ়িছে । লাহে লাহে পল্লৱৰ দেহাটো চেঁচা হৈ পৰিল । খিৰিকিৰ কাষৰপৰা সেই ছায়া কেইটাই ভয়তে পেপুৱা লাগি চাই আছে । তাৰ হাতৰ নোমবোৰ বাঢ়ি আহিছে, চকুকেইটা তল তলকৈ হালধীয়া বৰণৰ হৈ আহিছে, নখবোৰ জোঙা হৈ গৈছে, তাৰ ওঁ‌ঠৰ ফাঁ‌কেৰে দাতবোৰ জোঙাকৈ ওলাই আহিছে । পূজাই গাৰ বলেৰে চেষ্টা কৰিছে ওলাই আহিবলৈ তাৰ বুকুৰ মাজৰ পৰা । কিন্তু ছায়া কেইটাই জানে, নোৱাৰে তাই ওলাব । আজিলৈকে কোনেও পৰা নাই ওলাই আহিব । 

          ৰাতিপুৱাই বাংলোৰ কাষত মানুহৰ ভীৰ । পুলিচৰ গাড়ীখনো পালেহি । পূজাৰ মৃতদেহটো উলিয়াই আনিছে । কিবা যেন ভিতৰৰ পৰা শুকাই গ'ল । কিহবাই যেন তাইৰ তেজখিনি চুহি নিলে । ষ্টেপটোৰ কাষতে পল্লৱ বহি আছে । ঘৈণীয়েকৰ নিঠৰ দেহটো দেখা পায় সি চিৎকাৰ কৰি কান্দি দিলে । পুলিচে সোধা মেলা কৰিছে ইজনক সিজনক । বৰবাবুয়ে ক'লে , "চাৰ কালি গোটেই ৰাতি মই আৰু আমাৰ মেনেজাৰ পল্লৱ চাৰে কলঘৰতেই থাকিব লগা হ'ল । মেচিনৰ বেমাৰ ওলালে, বাহিৰৰ পৰা মেকানিক আহিছিল । গোটেই নিশা কাম কৰি আহি এতিয়া এইয়া কি হৈ গ'ল চাওঁ‌ক চাৰ" --- এইবুলি বৰবাবুয়েও  চকুলো টুকিলে । হেজাৰ হওক, পল্লৱ তেওঁৰ ল'ৰাৰ দৰে । পুলিচে সোধা পোচা কৰি থাকোতে কুন্তিলৈ পল্লৱৰ চকু গ'ল । তাৰ মনত পৰিল কুন্তিৰ কথাটো । তাই তাক বাৰম্বাৰ পূজাক বাংলোত আনিবলৈ হাক দিছিল । কিয় তাই নাজানে ; তাৰ নানাই বোলে পল্লৱক ক'বলৈ কৈছিল । সি কুন্তিৰ কথা শুনা হ'লে আজি পূজা জীয়াই থাকিলেহেতেঁ‌ন । কুন্তিৰ চকুকেইটাই চকুলোৰে তলবল কৰিছিল পূজাৰ নিঠৰ দেহাটিলৈ চায় ।

দীপাংকৰ ভৰালী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)