অস্কিজেন-মনোৰমা দাস

চাৰিওফালে ক'ভিড মহামাৰীৰ আতংক। চিকিৎসালয়ত ৰোগীৰ থকাৰ ঠাই নাইকিয়া হৈছে। কেউদিশে মৃত্যুৰ কিৰিলি।ইজনৰ পিচত সিজনৰ লৰা ঢপৰা।কেৱল গেছ চিলিণ্ডাৰ লাগে।                            লিটুৱে বৰদেউতাকৰ খবৰ ল'বলৈ গৈ দেখে , বৰদেউতাকৰ ল'ৰা নিতুৱে  আমন জিমন কৈ চিকিৎসালয়ৰ বাৰাণ্ডাত বহি থকা দেখা পাই মাত লগাই সুধিলে--কি ইমান চিন্তা কৰি আছ ?বৰদেউতা ভাল হৈ যাব। নহয় অ' লিতু দা, ডাক্তৰে কৈছে দেউতাক হেনো অক্সিজেন লাগিব। ইয়াত নাই। বাহিৰৰ পৰা আনিলে দামো বহুত পৰিব।প্ৰকৃতিৰ পৰা পোৱা ফ্ৰি অক্সিজেন  আমি নিজেই ধ্বংস কৰি দিছো। গছ-গছনি কাটি তহিলং কৰি  থকাৰ বাসস্থান কৰিছো।                                                       ও তই হ'বলা এতিয়াহে  বুজিলি।বৰদেউতাৰ চৌহদটোত কিমান যে গছ আছিল ! আজি দুবছৰ আগতে তই মানুহ লগাই  সকলো গছ চেচুক হোৱা দেখুৱাই কাটি তহিলং কৰিলি। মানা কৰা স্বত্ত্বেও  নুশুনিলি। পালি এতিয়া মজাটো। গছ থাকিলেহে মানুহ,জীৱ-জন্তু জীয়াই থাকিব পাৰে।গছে আমাক প্ৰতি ক্ষণতে অস্কিজেন  দি আছে আৰু  আমাৰ উশাহত এৰি দিয়া  কাৰ্বনডাই অক্সাইড  গছে শুহি লৈ আছে বাবে আমি জীয়াই আছো। এতিয়া আমাৰ মুৰ্খামিৰ বাবে  প্ৰকৃতিৰ অৱদান ফ্ৰি অক্সিজেন বজাৰত লাখ টকাত ক্ৰয়  কৰিব লগীয়া হৈছে ।

                 ✍🏻মনোৰমা দাস।

Post a Comment

Previous Post Next Post