তুমি মোৰ খহি নপৰা তৰা-লাকী দুৱৰা

মই উন্মাদ হ’ব পাৰো 
কেৱল তোমাৰ অনুভৱত,
মই নিজক হেৰুৱাব পাৰোঁ
কেৱল তোমাৰ স্পৰ্শত৷
তুমি মোৰ আকাশৰ
কাহানিও খহি নপৰা তৰা।
তোমাৰ পোহৰে  নিতৌ
হৃদয়খন উজ্বলাই ৰাখো 
নামহীন ৰাগীত প্ৰতিপল 
মাতাল হৈ থাকোঁ ৷

             
✍🏻লাকী দুৱৰা

Post a Comment

Previous Post Next Post