বদনামী প্ৰেম-মিতুমনি কলিতা

Rinku Rajowar
0
শুকান বালিয়ৰিত কবিতা লিখা 
আজি বহুদিনেই হ'ল...
তুমি আহিবা বুলিয়েই চাগে 
কবিতাবোৰেও বাট চাই ৰৈছিল বহুদিনলৈ!
নদীৰ প্ৰচণ্ড সোঁতত জানানে 
সিহঁতেও হাৰ মানিলে
তথাপি তুমি নাহিলা!
তোমাৰ হৃদয়ত চাগে 
এতিয়া নতুন প্ৰেমৰ বা বলিছে 
চাবা ভালকৈ!
দুৱাৰ খিৰিকীবোৰ ভালকৈ জপাই থ'বা।
নহ'লে আকৌ এবাৰ উৰুৱাই লৈ যাব
তোমাৰ বদনামী প্ৰেমক তোমাৰ জীৱনৰ পৰা!
নাই নাই তোমাৰ অপেক্ষাত নাই 
ডৰিয়লি সময়ৰ সোঁতত উটুৱাই দিছো
মোৰ আৱেগক...
হয়তো কোনোবা দিনা তোমাৰ ঘাটতে ৰৈ যাব
পাৰিলে আকোৱালি ল'বা...
নোৱাৰিলে আগুৱাই দিবা...
নৈৰ বুকুত পানীৰ সোঁতত।

      ✍🏻মিতুমনি কলিতা
                  হাজো।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)