তপ্ত হৃদয়ৰ
অবুজ অনুভৱক মোহাৰি
মই মৃত্যু হ'ম
আপোনাৰ বাবে ।
কিজানি সুখী হোৱা , শান্তি পোৱা
চিৰ জীৱনৰ বাবে ।
কিন্তু থমকি ৰয়
চৰম বাস্তৱতাত
মোৰ এই অবাধ্য মনটো ।
ক'ৰবাত জীৱিত এতিয়াও
যে আশা বন্তিয়ে বিলাই যাব
দীপ্ততাৰ দলিচাখন ।
আচলতে ময়ো বিচাৰো জানা
নষ্ট প্ৰেমিক হ'বলৈ
আপোনাৰ বাবে
এটি মিঠা অনুভৱেৰে ,
এটি নতুন আশাৰে ।