প্ৰত্যাশা~চুটিগল্প-সুশান্ত দাস

অভ্যুদয়ৰ নতুন পুৱাত এটা ফোনক'লে নীলিমা কাকতিৰ মনত বিষাদৰ ছাঁ পেলাই দিলে। আশাৰে বাট চাই থকা ফোনক'লটো যেন বিষাদৰ বৰটোপ হ'ল! নীলিমাৰ মূৰত যেন সৰগখন ভাগি পৰিল। আশা-প্ৰত্যাশাৰ অন্ততঃ সুখৰ খবৰ দিব বুলি ভবা সেই ফোনক'লটো দুখৰ উল্কাহে হ'ল। নিজৰ ভৰিত থিয় হোৱাৰ বাবে মন স্থিৰ কৰা নীলিমাৰ বাবে ফোনক'লটো আছিল এটা কোম্পানীৰ মেনেজাৰৰ; তাই সেই কোম্পানীটোত চাকৰিৰ বাবে আৱেদন কৰিছিল কিন্তু তাইৰ সলনি আন কোনোবাইহে চাকৰিটো পালে। দুখ এইটোৱেই যে মেনেজাৰে সম্পূৰ্ণ বিশ্বাসেৰে তায়েই চাকৰিটো পাব বুলি কৈছিল অথচ অন্য কোনোবা ছোৱালীয়েহে চাকৰিটো পালে। তাই সৰুৰে পৰা কামিলা; এতিয়া প্ৰাপ্তবয়স্ক হোৱাৰ পাছত তাই নিজৰ উপাৰ্জনৰ পথ সুগম কৰাৰ কথা ভাবিছিল কিন্তু সাফল্যতা অৰ্জন কৰিব নোৱাৰিলে। আচলতে তাই চাকৰিটো নোপোৱা কাৰণটো আছিল আন এজনী বেছি ধনী ঘৰৰ ছোৱালীয়ে ধনৰ বলত মেনেজাৰক প্ৰলোভন দেখুৱাই চাকৰিটো ল'লে। তাই এই কথা গম পোৱাত অত্যন্ত দুঃখিত হ'ল। কামাগ্নি থকাৰ স্বত্বেও তাই চাকৰিটো নাপালে। তাইৰ জীৱনত ঘটিল মাথোঁ প্ৰত্যাশাৰ অৱসান!....

✍️সুশান্ত দাস
শিৱসাগৰ, গৌৰীসাগৰ

Post a Comment

Previous Post Next Post