বৰষাসিক্ত গভীৰ নিশাৰ নীৰৱতা
নিয়ন লাইটৰ পোহৰত অনুভূতি সেমেকা।
টেবুলৰ ফুলডানিত সজীৱ হৈ আছে
খৰিকাজাঁইৰ থোপা,
তগৰৰ সুবাসিত মলয়াই হিয়াখন জুৰাইছে
তোমালৈ মনত পৰিছে:
তোমালৈ ৰুই থোৱা খৰিকাজাঁই জোপাই
আজি পাহি মেলিছে।
সুঘ্ৰাণটোয়ে কুৰুকি কুৰুকি গভীৰলৈ প্ৰৱেশ কৰিছে।
তোমাৰ মৰমে মোক মেৰাইছে
এডাল বিশ্বাসৰ শিকলিৰে
আকুল পৰাণে তোমাক ধিয়াই
সোণ মোৰ আহিবানে দুনাই?
কুলি, কেতেকী ৰ হিয়া ভঙা সুৰে...;
ব’হাগৰ জাননী দিয়ে।
নিশাৰ আন্ধাৰ ভেদি ৰিণি , ৰিণি ভাঁহি আহে,
ঢোলৰ গুমগুমনি...!
বিহুৱান খন থৈছোঁ বুকুৰ মৰমেৰে সামৰি
এপাহি , দুপাহিকৈ তৰাফুল বাছি
এইবেলি ব’হাগতে তোমাক দিমে বুলি।।
✍️মামণি বৰঠাকুৰ