তোৰ মাত শুনিলো ,
আইতাৰ ঘূমটি অনা
নিচুকণি গীতৰ দৰে।
শুনিছিলো তোৰ মাত জালিপুৱাত
মন-প্ৰাণ হৰি নিছিল অজানলৈ,
কিয় বাৰু আহ --
তই আহিলে যৌৱনৰ মিঠা স্মৃতিয়ে
দ'লদোপ হেন্দোলদোপ কৰে,
তাঁতশাললৰ গৰকাত ভৰিবোৰে নাচে।
তই আহিলে--------
ডকমকীয়া যৌৱনে হাঁহি মাৰে,
প্ৰকৃতিও গা-মূৰি দিয়ে
মূগা সাজযোৰে নাচনীৰ মতলীয়া কৰে।
তই আহিলে-----
ঢুলীয়াৰ ঢোলৰ গুমগুমনিত
প্ৰকৃতিৰ বুকু কঁপি উঠে।
তই আহিলে--------
মনোমোহা চম্পা, তগৰ কপৌৱে,
লৈ আহে সুৰীয়া সুমধুৰ গীত।
তোৰ সীমাহীন যাত্ৰাত
ডেকা-গাভৰু সপোন প্ৰতিশ্ৰুতিও হয় একাকাৰ
এইয়াই নেকি তই অহাৰ বতৰা !!
✍️নাং ননী বৰুৱা গগৈ।
ডিব্ৰুগড়--টেঙাখাত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ