জাপি'ৰ বিষয়ে জানো আহক

Rinku Rajowar
0
অসমীয়া সংস্কৃতিৰ বাহক, অসমীয়া জাতি আৰু সংস্কৃতিৰ বিশেষ প্ৰতীকৰুপে জাপি সর্বজনবিদিত । জাপি হৈছে বাঁহৰ কাঠী আৰু টকৌ পাতেৰে সজা মাজত টুপ থকা ছাতিৰ সলনি ব্যৱহাৰ কৰা এবিধ ঘূৰণীয়া যতন । মূলতঃ ৰ'দ-বৰষুণৰ পৰা ৰক্ষা পাবৰ বাবেই জাপিৰ ব্যৱহাৰ হৈছিল যদিও অসমীয়া সমাজত জাপিৰ এক বিশিষ্ট স্থান আছে; অসমৰ লোক-কলাৰ এক অনুপম চানেকীৰুপেও জাপিয়ে স্বীকৃতি লাভ কৰিছে । চীন দেশত পোনপ্ৰথমে আত্মপ্ৰকাশ কৰা জাপিৰ প্ৰচলন অহোম ৰাজত্বৰ সময়ৰে পৰা অসমত আৰম্ভ হয় । পুৰণি অসমীয়া সমাজত জাপি আছিল সন্মান আৰু আভিজাত্য প্ৰতীক । অ'লৈ-ত'লৈ যোৱাৰ সময়ত সম্ভ্ৰান্ত অসমীয়া মহিলাৰ আবুৰ আৰু আভিজাত্য ৰক্ষাৰ নিমিত্তে জাপিৰ ব্যৱহাৰ হোৱাৰ কথা জনা যায় । একেদৰে ৰজা ডা-ডাঙৰীয়া আৰু সত্ৰাধিকাৰসকল ভ্ৰমণলৈ যাওঁতেও জাপি ধৰি যোৱাৰ নিয়ম আছিল । ৰুপসজ্জা তথা ব্যৱহাৰৰ ফালৰ পৰা জাপিৰ সুকীয়া সুকীয়া নাম আছে । নামবোৰৰ পৰাই জাপিৰ ৰুপসজ্জা, গঠনৰ আৰু ব্যৱহাৰৰ আভাস পাব পাৰি । যেনেঃ গৰখীয়া জাপি, পানী জাপি, বনুৱা জাপি, হালোৱা জাপি, উকা জাপি, ফুলাম জাপি, টকৌ গছৰ পাত, বাঁহ-বেতেৰে সজা পদুমীয়া জাপি, সৰুদৈয়া জাপি, বৰজাপি আদি । বাৰেৰহণীয়া সূতাৰে নির্মিত গুণা, সোণৰ গুণাৰে বুটা বাছি নির্মাণ কৰা জাপি আছিল আহোম ৰাজবিষয়াসকলৰ পদমর্যাদা অনুসৰি পোৱা সাজ-সজ্জাৰো অন্তর্ভুক্ত সামগ্ৰী । বিয়া আদিৰ দৰে মাংগলিক উত্সৱতো জাপিৰ এক বিশেষ ভূমিকা আছিল । আজিকালি অৱশ্যে জাপিৰ ব্যৱহাৰ কমি আহিছে যদিও গৃহশোভাৰ উপকৰণ হিচাপে, সন্মানীয় উপহাৰ হিচাপে আৰু তোৰণ আদি সজাৰ কামত ইয়াৰ বহুল ব্যৱহাৰ হৈ আহিছে । কামৰুপ জিলাৰ ঠাই বিশেষ আৰু তেজপুৰ আকর্ষণীয় ফুলাম জাপি নির্মাণৰ বাবে প্ৰখ্যাত । জাপি-সংশ্লিষ্ট এক নৃত্যইও (জাপি নৃত্য) অসমত জনপ্ৰিয়তা অর্জন কৰিছে । গাঁৱৰ খেতিয়কসকলৰ মাজত সৰু উকা জাপিৰ প্ৰচলন আজিও আছে । 

[সংগ্ৰহঃ শান্তনু কৌশিক বৰুৱাৰ 'অসম অভিধান']

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)