অপৰূপা বসন্ত- কল্পনা বৰা

মনটো যেন আজি‌ উন্মাদ হৈ পৰিছে....;
চাৰিওফালে মনোৰম পৰিৱেশ।
সুৰীয়া মাতেৰে কুলিজনীয়েও বসন্তৰ আগমনৰ আগজাননী দিলে...;
বিৰিখেও নতুন সাজ পিন্ধি
ধৰণীক নৱ ৰূপেৰে সজালে।
চাৰিওফালে পেঁপা-ঢোলৰ মনোৰম গুঞ্জন;
ডেকা-গাভৰুৰ যে কʼতোৱেই নবহা হৈছে মন।
গছৰ ডালত কপৌপাহেও অপূৰ্ব ৰূপ দিলে....;
সেউজী ধৰণীয়েও ন-সাজে নিজকে সজালে।
গছৰ ডালত বহি কুলিয়ে সুৰীয়া গীত জুৰে....;
ধৰণী বস্ত্ৰাৱৰণ হয় নতুন ৰূপেৰে .......।
কুলু-কুলুকৈ বৈ অহা তৰংগিনীৰ ৰূপ দুগুণে চৰিছে...;
সুন্দৰী বিহগৰ সুমধুৰ স্বৰে
প্ৰকৃতিক সজাইছে নৱ সাজেৰে।
নানাবিধ পুষ্পৰ সুগন্ধি সুৱাস,.
অপৰূপা প্ৰকৃতিৰ মনোমোহা প্ৰকাশ।
কিমান যে সুন্দৰ পৰিৱেশ!
মনটো কৰে ভাৱত আৱেশ...।
উলাহ-আনন্দেৰে নধৰা হয় হিয়া....;
মনটো হৈ পৰে প্ৰেমেৰে উন্মনা।
এয়াই বসন্ত....
হৈ পৰে মন উলাহত প্ৰশান্ত।

কবিঃ কল্পনা বৰা

Post a Comment

Previous Post Next Post